ওচৰ চপাই নিছিল। আৰু ক্ৰমাৎ সেই আকৰ্ষণে প্ৰেমৰ ৰূপ পৰিগ্ৰহ কৰিছিল।
মৃত্যু সংবাদ লৈ মটৰ নিউৰন নামৰ ৰোগটোৱে প্ৰেমিক ষ্টিফেনৰ জীৱনত প্ৰৱেশ কৰাৰ খবৰটো যেতিয়া প্ৰেমিকা জেনে জানিব পাৰিলে, তেতিয়া তেওঁ দুখ বা বিষাদত চিৎকাৰ কৰি উঠা নাছিল। অনাকাংক্ষিত পৰিস্থিতিত দিশহাৰা হৈ পৰা ষ্টিফেনৰ আৱেগবিহ্বল নিৰ্দেশ মানি তেওঁৰ জীৱনৰ পৰা জেন আঁতৰিও অহা নাছিল। বৰং ষ্টিফেনৰ প্ৰতি তেওঁ পূৰ্বতকৈ অধিক অনুভূতিশীল আৰু কৰ্তব্যশীল হৈ উঠিছিল। হৃদয়ত থূপ খোৱাই ৰখা অসীম ভালপোৱা আৰু স্নেহেৰে মৃত্যুমুখী ষ্টিফেনক জীৱনৰ আলোকোজ্জ্বল গন্তব্যস্থান অভিমুখে আগবঢ়াই নিবলৈ জেন সংকল্পবদ্ধ হ’ল। দুৰাৰোগ্য ৰোগত আক্ৰান্ত প্ৰেমিক ষ্টিফেনৰ জীৱন-সংগী হ’বলৈ জেনে বাঞ্ছাপ্ৰকাশ কৰিলে। আৰু এদিন জেনৰ এই বাঞ্ছা বাস্তৱত পৰিণত হ’ল। দুয়ো বিবাহপাশত আৱদ্ধ হ’ল।
জেনৰ অকৃত্ৰিম স্নেহ আৰু পৰিচৰ্যাৰ জোৰত ষ্টিফেন আগবাঢ়ি গ’ল। ষ্টিফেনে গৱেষণাত সফলতা লাভ কৰিলে। কৃষ্ণগহ্বৰ সম্বন্ধীয় মৌলিক বিষয়ত গৱেষণা কৰা ষ্টিফেন হকিঙ নামৰ প্ৰখৰ বুধিয়ক ছাত্ৰজনৰ বিষয়ে জ্ঞানীৰ মহলত চৰ্চা আৰম্ভ হ’ল। শাৰিৰীক দুৰ্বলতাৰে নহয়, ষ্টিফেনে পৰিচয় লাভ কৰিলে এজন পদাৰ্থ বিজ্ঞানীৰূপে। কোৱাটো নিষ্প্ৰয়োজন, ষ্টিফেনৰ এই সফলতা আৰু যশস্যাপ্ৰাপ্তিৰ মূলতেই আছিল তেওঁৰ পত্নী জেন ৱাইল্ডৰ সীমাহীন পৰিশ্ৰম আৰু পৰিচৰ্যা।
কিন্তু ষ্টিফেন আৰু সন্তান দুটিৰ পৰিচৰ্যাত ব্যস্ত থকা পত্নী জেনে যেতিয়া তেওঁৰ জীৱনৰ ব্যক্তিগত সপোন, আশা-আকাংক্ষাবোৰত তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিলে, তেতিয়া তেওঁৰ মনটোক হতাশাৰ বতাহ এজাকে কঁপাই গল। সাহিত্যৰ প্ৰতিভাৱান ছাত্ৰী জেনৰ মনলৈ বিষন্নতাৰ ভাৱ আহিল। ষ্টিফেনৰ বাবে সময় উলিওৱাত তেওঁ এতিয়া ইমানেই ব্যস্ত হৈ পৰিল যে নিজৰ জীৱনটোৰ বাবে তেওঁৰ হাতত এতিয়া সময়ৰ অভাৱ। ক্ৰমাৎ বাঢ়ি অহা অসন্তুষ্টিৰ ভাৱ প্ৰত্যক্ষ কৰি মাকে জেনক গীৰ্জালৈ গৈ কোৰাছৰ দলত অংশ ল’বলৈ পৰামৰ্শ আগবঢ়ায়।
গীৰ্জাত সংগীত শিকোৱা জনাথন জ’নছৰ লগত জেনৰ পৰিচয় হয়। দুয়োৰে মাজত অন্তৰঙ্গতা বাঢ়ে। জেনৰ জৰিয়তে জনাথন জ’নছে ষ্টিফেন আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে জানিব পাৰিলে। ষ্টিফেনৰ ঘৰলৈ জনাথনৰ আগমন ঘটিল আৰু অতি কম