কৃতেযুগে পুষ্কৰাণি তেত্ৰায়াং নৈমিষং মতম্।
দ্বাপৰেতু কুৰুক্ষেত্ৰং অশ্বতীৰ্থং কলৌযুগে॥
অশ্বক্ৰান্ত দেৱালয়ৰ কূৰ্ম জনাৰ্দন, অনন্তশায়ী নাৰায়ণতকৈ বহু আগৰ হ'লেও, নাৰায়ণমূৰ্তি স্থাপন হোৱাৰ পিছতহে এই দেৱালয়ৰ প্ৰতি আহোম স্বৰ্গদেউসকলৰ দৃষ্টি আকৰ্ষিত হৈছিল; আৰু ইয়াৰ উন্নতিৰ কাৰণে স্বৰ্গদেউসকলে বিশেষকৈ ৰজা শিৱসিংহ মহাৰাজে বিশেষ চেষ্টা কৰিছিল। এইজনা স্বৰ্গ- দেৱে অসমৰ প্ৰায়বোৰ তীৰ্থৰে উন্নতিৰ কাৰণে মাটি-বাৰী দান কৰিছিল, আৰু মন্দিৰ নথকা তীৰ্থবোৰৰ মন্দিৰো সজাই দিছিল।
স্বৰ্গদেউ শিৱসিংহই এই অশ্বক্ৰান্ত দেৱালয় সুচাৰুৰূপে পৰিচালনাৰ অৰ্থে ৫৪২৪ বিঘা মাটি আৰু ৭ (?) গোট পাইক দান কৰিছিল। ৰজাই দান কৰা সা-সম্পত্তিৰ চিনাক্তকৰণৰ বাবে এখন ফলিও দিছিল।
শ্ৰীশ্ৰীঅশ্বক্ৰান্ত
স্বস্তি সকল-ভূ-মণ্ডল-ভূপ-মৌলি-মালালোলিত-পদাব্দ শ্ৰীশ্ৰীশিৱসিংহ ভূপাল-মন্ত্ৰিৱৰ-সেনানী-ৱৰ-শ্ৰীমত্তৰণ-দুৱৰা-বৃহৎফুক্কনেন দত্ত-ব্ৰহ্মোত্তৰ-প্ৰমাণ-পট্টিকেয়ং ৱিতীৰ্ণ্ণা।
“কামৰূপ দেশৰ বড়ুৱা বড়কায়স্থ ও চৌধাৰী পটোৱাৰি ও তালুকদাৰ ঠাকুৰিয়া আনোসকলে সাবধানে জানিব বঙ্গেশ্বৰ পৰগণাৰ জয়পুৰ গ্ৰামৰ ফৰিঙ্গতি হাবি মাট্টি ধাকা ১২ পুৰা মিন্নিক (?) জমি ১২ পুৰা মুঠত ২৪ পুৰা বাড়ি মাটি ৭ পুৰা ৺৺পুণ্যে শিৱ দেউৰি বলোদেব ব্ৰাহ্মণক ব্ৰহ্মোত্তৰ কৰি দিয়া গেল ইহাৰ কৰ কাটল পদ পঞ্চক বেঠ বেগাৰ চোৰ চিনালা ধুমসি মাৰেসা জলকৰ জবাক্ষৰ দান খুত চকি হাট ঘাট ৰাজইণ্ডাৰ্হ ব্যতিৰেক সৰ্ব বাব পৰিত্যাগ হৈল।
ইতি শক ১৬৬১ তাং ১০ পোষ।”
স্বৰ্গদেউ শিৱসিংহই এই দেৱালয়ত দান কৰা মুঠ ৫৪২৪ বিঘা মাটিৰ ভিতৰত, ১১৪১ বিঘা লাখেৰাজ আৰু ৪২৮৩ বিঘা নিষ্পিখেৰাজ। লাখেৰাজ মাটিৰ কোনো খাজনা নাই। এই মাটিৰপৰা হোৱা আয় সম্পূৰ্ণৰূপে বিগ্ৰহৰ