সুনি, ১৪৮৫ সঁকত আকও চিলাৰাই আহিলত আমাৰ দেওৰজা সহিতে প্ৰধান জুধ হল। দুয়ো সমান জোধা, কাৰো পৰাজই নাই। পাচে এক দিন গা ধোআ সময়ত দেও ৰজাৰ ঔসধ ও জন্ত্ৰৰ বিৰি ডিঙ্গিৰ পৰা খহাই থোআৰ পৰা চিলনিএ থাপ মাৰি নি, চিলাৰাইৰ ফৌজৰ মাজত পেলাই দিলেগৈ। দেও ৰজাই সুনি ইস্বৰৰ নিগ্ৰহ হল বুলি, চাৰিঙ্গলৈ গৈ মৈদাম কৰি লগৰ মানুহে সহিতে আপুনি মৈদামত সোমালগৈ। আমাৰ ৰজা দেও ভাগি পৰ্বত উঠিলগৈ; চিলাৰায়ে ৰাজ্যলৈ কৈ পঠালে বোলে, পাত্ৰ মন্ত্ৰি সকলোৰে লৰা একোটা তুলি দি বৰে জদি, দেস এৰি দিম। পাচে এই কথাতে চুগম কোঁঅৰ ও বৰ গোহাঁইৰ ভতিজাক আপচু গোহাঁইকে মুখ্য কৰি সকলোৰে ঘৰৰ লৰা একোটা দিলত লৈ চিলাৰাই দেসলৈ গল। এই আপচু গোহাঁই দেখিবলৈ সুন্দৰ আচিলে দেখি, ভাটিৰ সকলো লোকে সোন্দৰ গোহাঁই বুলিলে। পাচে আমাৰ ৰজাই নগৰ ললেহি; লগত জোআ খনি মানুহক বঁটা বাহন ও ব্ৰিতি বিধান দিলে, এবং মঙ্গল চোআ গনক সুৰ্য্যবৰক সোনাৰ মুখ দিলে; এই কাৰন সোনামুআৰ ঘৰ বোলে। আৰু সেই কালতে তাবলুঙ্গিয়া নগাই আপাহ কৰাত সুকটি খাবলৈ বিল ও ডোম বহতা ঐ নগাক দিলে; আৰু সোনাপুৰ নামে নগৰ কৰিলে। পাচে ১৫৩৩ সঁকত ৰজা দেও স্বৰ্গি হল, ভোগ ৫৯ বচৰ। ইতি। ১৬।