5.2 হায় বিধি কিনে৷ মোৰ অভাগ্য কপাল। গৃহতে বসিয়া পাইলে৷ নন্দৰ গোপাল॥ জানি নজানিলে৷ মই পাপী মন্দৰতি। ইষ্টজ্ঞানে নকৰিলে৷ তাহাঙ্ক ভকতি। ১৪৬ ৰাজ্যপদ আশাতেসে চিত্ত ভৈল ভোল। বনবাসে খণ্ডিবোহো ইটো মোহ জাল। এহিবুলি শোকাকুলে কুৰু নৰপতি। দীৰ্ঘশ্বাস তেজিলন্ত থাকিলা-নমাতি॥ ১৪৭ বিদুৰে বোলন্ত বাণী শুনা মহীপাল। শুনি নুশুনিলা যিটো আৱেসে মিলিল | সঞ্জয়ে দিলন্ত যিবা তোমাক সিদ্ধান্ত। স্থিৰ চিত্ত কৰি শুনা সিসব বৃত্তান্ত॥ ১৪৮ গৃহে থাকি হৰিসেৱা কৰ। মহাৰাজ। গৃহাশ্ৰমে থাকি নসাধয় কিবা কাজ॥ ব্ৰাহ্মণগণক দান দিয়া যথোচিত। মুকুতা প্ৰবাল মণি কাঞ্চন ৰজত॥ ১৪৯ গজ বাজী ধেনু ৰংস বস্ত্ৰ আৰে৷ অন্ন। অন্নদান মহাদান দমিলে বহু পুণ্য॥ যিৰ৷ ইচ্ছা হয় দান কৰা প্ৰতিদিন। হৃদয়ত কৃষ্ণপদ চিন্ত| অনুক্ষণ॥ ১৫০ এতেকতে হৈব জানা কৃষ্ণত ভকতি। পৰকালে মুকুতি লভিব! নৰপতি॥ তথাপি নাথাক৷ যদি বিষয় থানত। আশ্ৰম পাতিয়া থাকা গঙ্গাৰ তীৰত॥ ১৫১ বিশেষত পাণ্ডুপুত্ৰ ৰাজ৷ ষুধিষ্ঠিৰ। বন্ধুৰধ শোক দুখে সদায় অস্থিৰ॥ অশাশ্বত ৰাজ্যধনে নাহি মনে আশ। বিষয়ৰ সৰ্বৰ্ব্বকাৰ্য্যে সদায় উদাস॥ ১৫২ তথাপিতে৷ ভ্ৰাতৃসমে-তোমাক সেৱয়। তোমাৰ সম্ভোষহেতু ৰাজ্যক চৰ্চয়॥ তুমি বনবাসী ভৈলে ধৰ্ম্মৰ নন্দন। ত্যজিব সবাক পত্নী পুত্ৰ ৰাজ্য ধন॥ ১৫৩ ব্ৰহ্মচৰ্য্য আচৰি হৈবন্ত দেশান্তৰী। এতেকতে তুমি উভয়ক ৰক্ষা কৰি॥ গৃহাস্ৰমে থাকি কৰা হৰিত ভৰুতি। ভকতিত নাহি দেশ কাল পাত্ৰ নীতি॥ ১৫৪ ধৃতৰাষ্ট্ৰে বোলে তুমি কহিলা উচিত। যি কহিলা মানে সবে শাস্ত্ৰত বিহিত। সকলে৷ জানাহা যেনমতে কুৰুবংশ। অধৰ্ম্মত মত্ত হুয়া কেনে ভৈলা ধ্বংস॥ ১৫৫ সৰাহাৰে বধভাগী ভৈলোছো আপুনি। মোৰ পাপে ৰেঢ়িলেক কুক্কুল ছানি পাশা খেলি পাণ্ডৱক দিলো বনবাস। কূটপাশে আমাসাৰ বংশ ভৈল নাশ॥ ১৫৬ পৰম মধৰ্ম্মী পাপী পুত্ৰ দুৰ্য্যোধন। জানি তাঙ্ক সমৰ্পিলো কুৰু সিংহাসন॥ তথাপিতো বাহুদেৰ দ্বাৰকাৰ পতি। দিলা উপদেশ তাৰ কাৰ্য্যক প্ৰকটি॥ ১৫৭ দুষ্টবুদ্ধি শকুনি প্ৰভৃতি স্বীগণে। দুৰ্য্যোধন পুত্ৰক ছাৰিয়ে৷ সঙ্গী সমে। নতু বাৰ্থিবাহ৷ বন্দীশালে আজীৱন। তেৱেসে হৈবেক তযু বংশৰ কল্যাণ॥ ১৫৮ ভীষ্ম দ্ৰোণ কৰ্ণ আদি বীৰত্বৰ গহে। কৃষ্ণৰ বাক্যক হুগুনিলো পুত্ৰ স্নেহে। ভীষ্ম গুৰু দ্ৰোণাচাৰ্য্য ব্যাস ভগৱান। বিহুৰ প্ৰমুখ্যে হিত বুলিলা বচন॥ ১৫৯ অজ্ঞাত উকলি পাণ্ডুপুত্ৰ উপস্থিত। দিয়ো পিতৃৰাজ্য আৱে যেন হোৱে হিত॥ যুদ্ধ ভৈলে হৈবে নিজ কুলৰ বিনাশ। হিত বাক্য মুগুনিলে! ভৈলোহে৷ উদাস॥ ১৬০ সেহি সব কাৰ্য্য স্মৰি স্থিৰ নোহে চিত্ত। পূৰ্ব্বজন্ম পাপ সিটো ভৈলন্ত বিদিত॥ গৰিহয় ভীমে পূৰ্ব্বকথা সুমৰাই। শোক অগনিক জ্বালে ছনাই জুনাই। ১৬১ তথাপি সহিলো যুধিষ্ঠিৰ মুখ চাই। হেনমতে পঞ্চদশ বৰ্ষ গৈল৷ বই কিন্তু আজি সহিবাক মোৰ ভৈল টান। কৃত কৰ্ম্ম সকলে গাধা, যেন যান। ১৬২