দর্শন চোবায়। আসে বাহু দাম্ফি মাৰি । চক্ষুক পকান্ত যেন দৃঢ় মুষ্টি ধৰি যেন শত পুত্ৰক বাহুৱে কৰি নাশ । মুপূৰিল তাৰ অন্তৰৰ অভিলাষ ৷৷ ৯৮ মোহোৰ কাষত ভীম যেন মদমত্ত । কহিয়োক কেনমতে সহিবেক চিত্ত ॥ এতেকতে হৌক মৃত্যু তেৱে মোৰ সুখ। নষ্ট হৈব হৃদয়ৰ যতেক অসুখ ॥ ৯৯ বিদুৰে বোলন্ত পুনু শুনা কুৰুবৰ। ধৈৰ্য্য বিনা নাহি ইটে৷ ঔষধি ৰোগৰ ॥ ধৈৰ্য্য ধৰিয়োক ৰাজা কৃষ্ণক ধিয়াই । দৈৱৰ নিবন্ধ যিটো এৰণ নযায়। ১০০ স্বভাৱে নিৰ্দ্দয় ভীম পৰম দুৰ্জ্জন। কিছে৷ নুশুনিবা তুমি ভীমৰ বচন ॥” যদি অপমান কৰে ধৰ্ম্ম নৰপতি । কাৰ্য্যত তেজয় নিষ্ঠ অন্ধৰাজ প্রীতি৷ ১০১ তেৱে কৰিয়োক কাৰ্য্য যেন হয় মতি। যুধিষ্ঠিৰ মুখ চাহি ক্ষমিয়ো সম্প্ৰতি ॥ ক্ষম৷ সম ধৰ্ম্ম নাহি তিনিয়ো লোকত। ক্ষমা গুণে বশ্য হয় মহাশত্রু যত৷ ১০২ বিশেষত পাণ্ডুপুত্ৰ মাতৃৰ সহিত । অশেষ দুখক ভুঞ্জিলন্ত প্রতিনিত ॥ সিসব হুমৰি ভীম তোমত উদাস। আগ পাচ নভাবি কৰম্ভ মাত্ৰ ৰোষ। ১০৩ যুধিষ্ঠিৰে শুনে যদি এতেক কাৰ্য্যক। ৰাজ্য ধন পাত্ৰ মন্ত্ৰী সপিৰ তোমাক !! ভ্ৰাতৃসমে কৰিবস্ত অৰণ্যত গতি। জানি তেজিয়োক তুমি হেন দুখ মতি ॥ ১০৪ পৰম পণ্ডিত তুমি বুদ্ধিত সুজান। দৈৱৰ লিখন যিব৷ নহয় খণ্ডন | নিজ নিজ কর্ম্মফল ভুঞ্জে জীচয়। বেদৰে৷ অলঙ্ঘ্য ইটে৷ জানিবা নিশ্চয়। ১০৫ কিন্তু সমস্তৰে আত্মা কৃষ্ণ পদ্মপাণি। তাহাঙ্ক সেৱষু যিটো মহ৷ ইষ্ট মানি | মহাভাৰ দৈৱৰ লিখন মানে সবে হয় ক্ষয়। কৃষ্ণক নভজি মহা পাতেক সাঞ্চয় ॥ ১০৬ জন্মে জন্মে মৰি মৰি নানা দুখ পায় । কুমি কীট নানা দেহে নৰক ভুঞ্জয় ॥ জানি কৰিয়োক আৱে কৃষ্ণত ভকতি। জীৱন্তে লভিবা সুখ অন্তত মুকুতি ॥ ১০৭ মহাভাৰতৰ কথা আতি স্বাদময়। শুনতে অমৃত স্ৰৱে পাতক দহয় ॥ বিৰচিল কালিদাস কৃষ্ণপদ স্মৰি। নিৰন্তৰে বোলা সবে কৃষ্ণ কৃষ্ণ হবি ॥ ১০৮ ধৃতৰাষ্ট্ৰৰ বানপ্ৰস্থ গ্ৰহণ ছবি বিদুৰৰ হিত বাণী ধৃতৰাষ্ট্ৰ মৌন হুয়া ৰৈল ৷ মুখত নাহিকে ভাষ এহি কথা প্রসঙ্গত মনে যেন বৈৰাগ্য মিলিল আতিশয় স্নেহ ভাৱে দেখি হেন অন্ধৰ অৱস্থা। মায়া মোহে পায় ভয় যেন অগনিত পানী ফোকাৰন্ত দীর্ঘশ্বাস বিনয়ে বোলম্ভ যেন কথা ॥ ১০৯ কৰ্ম্মজ্ঞান ভক্তিযোগ সঞ্জয় আছিল তৈত কৰ্ম্মত ওপজে আ প্রণামি অন্ধৰ পাৱে ধনু এৰি ৰখত বসিলা। সৰ্ব্ব আত্ম৷ অন্তর্যামী তিনিয়ো লোকৰ স্বামী উপদেশি মোহ দূৰ কৈলা ॥ সমস্তে শুনিলা তুমি বিৰৰি কহিলো আমি ভকতিত অনুৰাগ মহাঋষি ব্যাসৰ প্রসাদে মহাশোকে ধনঞ্জয় অজ্ঞানী নজানে মোহ সঙ্গে। ১৯০ সহয্য জন্মষ ভোগ আনে ভরতিক মন