পৃষ্ঠা:ৰ’দ জিলমিল.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
ৰ’দ জিলমিল


হৰি গাঁওবুঢ়াই গুৰ-গুৰি টানি বহি থকা ঠাইখিনিইকে সুদীপক সোণতৰাই লই গ'ল। সেৱা এটা জনাই সুদীপে কুশল বাতৰি ল'লে।

গাঁওবুঢ়াই গুৰগুৰিৰ পৰা মূৰ তুলি এখন হাত সুদীপৰ পিঠিত বুলাই কাষতে বহুৱাই ল'লে। চেনেহ ভৰা চাৱনিৰে তেওঁ সুদীপলই চালে। ল'ৰাটো বেছ শকত-ডাঙৰ হ'ল। উজ্জ্বল চকু দুটাৰে নিৰীহ মুখখন একেদৰেই আছে। ভালে- মান পঢ়া-শুনা কৰি গিয়ান লভি গাঁওখনৰ মুখ উজলাইছে। সুদীপক লই গাঁওবুঢ়াই আন এটা কথাও ভাবিছে। পিছে বতৰ চাই কঠিয়া পাৰিব জনা গাঁওবুঢ়াই এতিয়াও সেইকথা ক’তো বেকত কৰা নাই। মনৰ ভাৱ মনতে ৰাখি সুদীপৰ ভালেমান বা-বাতৰি ল'লে। সুদীপে চাকৰি নকৰোঁ বোলাতহে তেওঁ বৰ বিষম পালে। তথাপি ভাবিলে ডেকা বয়সত ডাঙৰ ডাঙৰ কথা কয়েই। টান পালে বয়সত আপুনি ৰাম বুলিব।

 সোণতৰাই পানী এঘটি আৰু গামোছা এখন সুদীপৰ কাষত থই জা-জলপানৰ কাঁহীখন অনিবলই গ'ল।

 সুদীপে অহাৰ কাৰণ জনাই ক'লে—‘বৰ পিতাই, আমাৰ গাঁওখনৰ দেখোন কিবা চিৰি-বিধি নোহোৱা হ'ল। মই আজি মণি পণ্‌ডিতৰ লগত আলোচনা কৰি আহিছোঁ।—আমাৰ গাঁৱত এখন পঢ়াশালি লাগে। গিয়ানৰ পোহৰ নাপালে জীবন অসাৰ। চকু থাকিও কণা।’ জলপানখিনি চোবাই চোবাই গাঁওবুঢ়াই নানান কথা ক'লে। গাঁৱৰ বছৰি হোৱা বানপানীৰ কথা, ৰাইজৰ অভাৱ-অনাটনৰ কথা। পাঠশালা এখন পাতিবলই তেওঁৰো মন নোযোৱা নহয় কিন্‌তু তাৰবাবে টকা-সিকা ভৰিব কোনে? ৰাইজৰ খোৱাৰে টনা-আজোৰা, পঢ়া-শুনাৰ কথা শুনে কোনে? তথাপিও সুদীপৰ কথাত হয়ভৰ দি গধূলি লই কমলা বায়নৰ চোতালত পাতিব খোজা মেললই আহিবলই কথা দিলে।