শুনা শুনা প্ৰভূ ৰাম সীতাৰ মাৱ বাৰ্ত্তা।
লঙ্কাৰ অশোক বনে আছে আই সীতা॥
ফুৰিলোহো স্থানে স্থানে সীতাক বিচাৰি।
চাহিলো মাৱক দ্বীপ দ্বীপান্তৰ ঘূৰি॥
নদ নদী গিৰি গুহা আউৰ পৰ্ব্বতক।
ঘূৰিয়া ফুৰিয়া পাইলো সাগৰৰ পাশ॥
জাম্প দিয়া সাগৰৰ পাৰ হৈ গলো।
ৰাৱণৰ ৰাজ্যস্বৰ্গ লঙ্কা গৈয়া পাইলো॥
সুনিয়ো গোসাঁঞী সাদৰে মন দিয়া।
মহেন্দ্ৰ পৰ্ব্বত হন্তে দেও মাৰি গৈয়া॥
সাগৰ তৰঙ্গে যেন মিলিলা বিঘিনি।
যুৰেকা মৈনাক আষাৰিকা সমে তিনি॥
সবাকো এৰিয়া আমি সিবেলা চলিলো।
নিসন্ধি কৰিয়া লঙ্কা নগৰী ফুৰিলো॥
তুমি আমি লক্ষ্মণ যাইবোহো সৱ সাজে।
আন সেনাগণক লাগয় কিবা কাজে।
এতেকে সহিতে সৱ ৰাক্ষসক মাৰি।
ৰাৱণক বধি সীতা আনিবো উজাৰি॥
....................
৫৮। মূল ঘোষাঃ-
দৈৱকীৰ জন্ম লৈয়া প্ৰভূ নাৰায়ণ।
শিশু লীলা আচৰিলা লৈয়া গোপ গণ॥
নন্দৰ ঘৰে গৰু চাৰি গোবিন্দ গোপাল।
গোপীৰ সঙ্গে ৰাসলীলা কৰিলা কৃপাল॥
পদঃ-
ঘোৰ অন্ধকাৰ ৰাতি কংস কাৰাগাৰে।
শ্ৰীকৃষ্ণ জন্ম লৈলে দৈৱকী উদৰে॥
(১০৮)