সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰহদৈ লিগিৰী

 দয়াৰাম—আয়েৰে খঙ কৰিলে কবি আকৌ দয়াৰামে চুপতি মাৰি ৰাখিছিল বুলি। পিচত ৰহদৈ! তই মোৰ আজিৰ কথাত বেয়া নাপাৰি দেই। মই সইত খাই কৈছোঁ, এই জলত ধৰি সইত খাই কৈছোঁ মই তোকেহে বিয়া কৰাম। তোক নেপালে দেশ এৰি বিদেশী হম। অথবা বৰাগী হম। নতুবা এই ব্ৰহ্মপুত্ৰ জলে ঝম্প দিয়া মৰিম।

 ৰহদৈ—কি কথাবিলা কৱ ঐ। তই পেংলাই কৰিছ দেখোন।

 দয়াৰাম—মই সইতে কৈছোঁ, তোকেহে মই বিয়া কৰাম।

 ৰহদৈ—মই পাই আৰু তোৰ কথা শুনি নাথাকো যাওঁগৈ।
—এই বুলি ঘৰৰ ফাললৈ মহ'টো লৈ গল। দয়াৰামে পানীৰপৰা গাৰত উঠি কাপোৰখন সলাই গা মচি ৰহদৈয়ে শুনাকৈ গালে—

দিখৌ নৈ এৰিব  পাৰোঁ মই লাহৰি!
 জাজী নৈ এৰিব পাৰোঁ।
তোমাৰ ঐ ভাবনা  এৰিব নোৱাৰোঁ।
 নেখায়ে থাকিব পাৰোঁ॥



ষষ্ঠ অধ্যায়
ৰজাঘৰত দুৰ্গোৎসৱ

 চাওঁতে চাওঁতে ভাদ মাহ গৈ আহিন সোমাল। আহিনৰো এদিন দুদিনকৈ কুৰি দিন গল। শাৰদীয় দুৰ্গাপূজা ওচৰ চাপিল।

 আজি ষষ্ঠি তিথি। ৰাতিপুৱাৰেপৰা কমলাবাৰী, বেঙেনাআলী, আউলীআলি ইত্যাদি গাঁৱৰপৰা জাকে জাকে মতা-মাইকী, ল'ৰা-ছোৱালী, ডেকা-গাভৰু সকলোৱেই নৈ পাৰ হৈ ৰংপুৰৰ ফালে খোজ ললে। কমলাবাৰী গাঁৱৰপৰা দয়াৰামে প্ৰমুখ্য কৰি তিনি চাৰিজন ডেকাই