পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৪৪
ৰবীন্দ্ৰ প্ৰতিভা
 

“চিত্ত যেথা ভয় শূন্য, উচ্চ যেথা শিৰ,
জ্ঞান যেথা মুক্ত, যেথা গৃহেৰ প্ৰাচীৰ
আপনাৰে ৰাখে নাই ক্ষুদ্ৰ খণ্ড কৰি

  

যেথা বাক্য হৃদয়েৰ উৎস মুখ হতে
উৎসৰিয়া উঠে
নিজহাতে নিৰ্দয় আঘাত কৰি পিতঃ
ভাৰতেৰ সেই স্বৰ্গে কৰো জাগৰিত।

 বিশ্বশান্তি আৰু মানৱ মৈত্ৰীৰ আদৰ্শ সমুখত ৰাখি ভাৰত সন্তান ত্যাগৰ পথাৰত, বিৰামহীন কৰ্ম-সাধনাৰ পথত নিৰ্ভীক হৃদয় লৈ আগবাঢ়ি যাব লাগিব।

 কিন্তু দেশৰ ভিতৰত সেই সময়ত দেশপ্ৰেমৰ নামত কেৱল এটা উপৰুৱা হৈ চৈ চলিছিল; মেল মিটিং কৰি, ইংৰাজী বক্তৃতা আওৰাই টেটু ফালি চিঞৰি দেশৰ প্ৰাচীন গৌৰৱ প্ৰচাৰ কৰাটোৱেই যেন একমাত্ৰ কৰিব লগীয়া কাম। জাতিৰ আত্মপ্ৰতিষ্ঠাৰ বাবে ত্যাগৰ, সাধনাৰ যি দুৰ্গম পথ ৰবীন্দ্ৰনাথে দেখিছিল, তাৰ তুলনাত এই ধৰণৰ অন্তঃসাৰশূন্য অন্ধ অহমিকা কৱিয়ে অতি তীব্ৰ বিদ্ৰুপ আৰু কটুক্তি কৰিছিল—

“বক্তৃতাটা লেগেছে বেশ, ৰয়েছে সে কাণে
কি যেন কৰা উচিত ছিল, কি কৰি কে তা জানে!
অন্ধকাৰে ঐ যে শোন, ভাৰত মাতা কৰেণ গ্ৰোণ
এহেন কালে ভীষ্ম দ্ৰোণ গেলেন কোনখানে?