নিউ চাহাব কোঁচবেহাৰৰ কমিশ্যনৰ হৈ যোৱাত কামৰূপৰ ডেপুটি
কমিশ্যনৰৰ অফিচত এবছৰ টেন্স্লেটাৰৰ কাম কৰোঁ। এই
কামত থাকোঁতে তেতিয়াৰ অসমৰ ইস্কুলবিলাকৰ ইন্স্পেক্টৰ
পোৰ্টৰ চাহাবে মোক উপযাচি মাহে ১০০ টকাত শিৱসাগৰৰ
ডেপুটি ইনস্পেক্টৰ নিযুক্ত কৰাত ডিৰেকটৰ চাহাবে সেই
নিয়োগ অনুমোদন কৰিছিল। কিন্তু সেই সময়তে এগনিউ
চাহাব উলটি আহি মোক মাহে ১২০্ টকা বেতনত হেড্
এচিষ্টেন্ট পাতি তেওঁৰ অফিচলৈ নিয়াত ডেপুটি ইন্স্পেক্টৰ
হৈ যোৱা নহল। জুডিস্যেল কমিশ্যনৰ চাহাবৰ অফিচৰ
চুপৰইন্টেণ্ডেন্ট হৈ থাকোঁতে প্ৰথমে ইং ১৮৭৫ শকত তিনি
মাহৰ নিমিত্তে মোক একট্টা এচিষ্টেন্ট পদ বচা হৈছিল;
কিত্ত চিৰস্থায়ীৰূপে নেপালে সেই পদ নলওঁ বুলি তাক লবলৈ
মই অমান্তি হলোঁ। পাচে আকৌ ইং ১৮৭৬ শকত তিনি
মাহৰ নিমিত্তে সেই পদ মোক যচা হয়, কিন্তু পূৰ্ব্বে এবাৰ
অচিৰস্থায়ী পদ লবলৈ অস্বীকাৰ কৰি পাচে তেনে পদ লোৱা
অযুগুত, ঘাইকৈ আগৰ বাৰ এগনিউ চাহাবৰ অনুৰোধত সেই
পদ মোক যচা গৈছিল, তেতিয়া তাত অমান্তি হৈ পাচে
চেক্ৰেটাৰী চাহাবে নিজে দিয়াত তাক ললে এগনিউ চাহাবৰ
অৱমাননা হব, এনে ভাব হোৱাত তাক ত্যাগ কৰিবলৈ বাধ্য
হলোঁ। এই কাৰণে তেতিয়া মোৰ মনত অলপ অসন্তোষ
জন্মিছিল; কিন্তু এতিয়া সেই বাবে সন্তোষ হে পাইছোঁ
কিয়নো মোৰ বিবেচনাত একষ্ট্ৰা এচিষ্টেন্ট হোৱাৎকৈ মই
বহুত সুখে আছোঁ। মনৰ সন্তোষেই সুখ। ইং ১৮৭৩
শকত তেতিয়া লেৱটেনেন্ট গবৰ্ণৰ স্যাৰ জৰ্জ্জ কেম্বেল চাহাবৰ
জাননী অনুসৰি আন অনেকৰ দৰে মই আদি-পাঠ নামেৰে
এখান অসমীয়া ভাষাৰ প্ৰথম শিক্ষাৰ পুথি লিখোঁ। এই
পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৪৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত
![](http://upload.wikimedia.org/wikipedia/commons/thumb/7/73/%E0%A6%B9%E0%A7%87%E0%A6%AE%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0_%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A7%B0_%E0%A6%9C%E0%A7%80%E0%A7%B1%E0%A6%A8_%E0%A6%9A%E0%A7%B0%E0%A6%BF%E0%A6%A4.pdf/page48-1024px-%E0%A6%B9%E0%A7%87%E0%A6%AE%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0_%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A7%B0_%E0%A6%9C%E0%A7%80%E0%A7%B1%E0%A6%A8_%E0%A6%9A%E0%A7%B0%E0%A6%BF%E0%A6%A4.pdf.jpg)