পৃষ্ঠা:হেমকোষ.pdf/৯৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ক্ষমাৱন্ত
ক্ষুধাৰ্ত্ত
৯৭১

সহন, দোষ পৰিত্য়াগ, forgiveness, pardon.

ক্ষমাৱন্ত, ক্ষমাৱান্, বি. ক্ষমা কৰা বা দোষ এৰা গুণযুক্ত, forgiving. ক্ষমাশীল্, বি. ক্ষমাৱন্ত, forgiving.

ক্ষয়্, সং.শ. (সং. ক্ষয় -- ক্ষি, নাশ কৰ্) নাশ; হানি, destruction, loss, waste.

ক্ষয়কৰ্, ক্ষয়কাৰী, সং.শ. নাশ কৰোঁতা, ধ্বংস কৰোঁতা, destroyer.

ক্ষয়্-ৰোগ্, সং.শ. (সং. ক্ষয়ৰোগ -- ক্ষয়, হানি + ৰোগ, ব্যাধি) জৰ-কাহ হৈ শৰীৰ ক্ষীণ হৈ যোৱা ৰোগ, যক্ষ্মা, a wasting disease, pulmonary consumption.

ক্ষয়্‌ৰোগী, বি. ক্ষয়-ৰোগে ধৰা, খেহ ৰুগীয়া, consumptive. সং.শ. ক্ষয়ৰোগে ধৰা মানুহ, one suffering from consumption.

ক্ষৰ্, অ. ধা. (সং. ক্ষৰ্, টোপাটোপে পৰ্) স্ৰৱ, টোপাটোপে পৰ্, to fall by drops, to trickle.

ক্ষৰণ্, কৃদ. স. টোপাটোপে পৰা কাৰ্য্য, জৰণ, the act of falling by drops or trickling.

ক্ষৰিত্, কৃদ. বি. টোপাটোপে পৰা, ধাৰা, trickling, dropping.

ক্ষান্ত, বি. (সং. ক্ষান্ত -- ক্ষম্, সহি থাক্‌) সহি থকা; কোনো কামলৈ আগ বঢ়াৰ পৰা নিবৰ্ত্তমান; যেনে, দুষ্টক দমন কৰাৰ পৰা ক্ষান্ত নহবা, enduring.

ক্ষান্তি, সং.শ. তিতিক্ষা, সহন, ধৈৰ্য্য; নিবৃতি, patience, forbearance, endurance, cessation.

ক্ষাৰ্, সং.শ. (সং. ক্ষাৰ্ -- ক্ষৰ্, বৈ বা জৰি পৰ্) লোণৰ গুণ থকা ছাই আৰু তাৰ পানী, alkali, soda, potash, solution of potash.

ক্ষিতি, সং.শ. (সং ক্ষিতি -- ক্ষি, ক্ষয় কৰ্) পৃথিবী, the earth.

ক্ষিতি-পতি, সং.শ. (সং. ক্ষিতিপতি -- ক্ষিতি, ঐ + পতি, গৰাকী) ৰজা, a king.

ক্ষিতিপালক, সং.শ. (সং. ক্ষিতিপালক -- ক্ষিতি, ঐ + পালক, ৰক্ষক) ৰজা, a king. "ক্ষিতিপাল" এনেও হয়।

ক্ষিপ্ত, কৃদ. বি. (সং. ক্ষিপ্ত --ক্ষিপ্‌, পেলা) দলিওৱা, পেলোৱা; উন্মত্ত, বলিয়া, thrown, cast, mad.

ক্ষীণ্, বি. (সং. ক্ষীণ -- ক্ষি, ক্ষয় পা) খীণোৱা, কৃশ, lean, emaciated.

ক্ষীণতা, গু.শ. খীণোৱা অৱস্থা, thinness, emaciation.

ক্ষীণমধ্যা, বি. (সং. ক্ষীণমধ্যা -- ক্ষীণ, পাতল + মধা, কঁকাল) কঁকাল সৰু, সৰু কঁকালযুক্তা (স্ত্ৰী), slender waisted (Fem.)

ক্ষীৰ্, সং.শ. (সং. ক্ষীৰ -- ক্ষৰ্, বৈ পৰ; বাঁটৰ পৰা বৈ পৰে) এৱাঁ গাখীৰ, milk.

ক্ষীৰোদধি, সং.শ. (সং. ক্ষীৰোদধি -- ক্ষীৰ, ঐ + উদধি, সাগৰ) সাত সাগৰৰ এখান, ক্ষীৰ সাগৰ, এৱাঁ গাখীৰৰ সাগৰ, the sea of milk.

ক্ষুণ্, সং.শ. (সং. ক্ষুণ্ণ --ক্ষুদ্, ক্ষত কৰ্) ক্ষত, ঘুণ, শৰীৰৰ দোষ; যেনে, “কোনো অঙ্গে নাহি ক্ষতি ক্ষুণ,” a bruise, a bodily defect.

ক্ষুদ্ৰ, বি. (সং. ক্ষুদ্ৰ -- ক্ষুদ্, গুড়ি কৰ্) সৰু; অলপীয়া; নীচ, small, little, mean.

ক্ষুদ্ৰতা, গু.শ. ক্ষুদ্ৰ হোৱা অৱস্থা, smallness, meanness.

ক্ষুদ্ৰ-শৌচ, সং.শ. (সং. ক্ষুদ্ৰ-শৌচ -- ক্ষুদ্ৰ, অলপীয়া + শৌচ, শুচি হোৱা কাৰ্য্য়) মুত্ৰ, প্ৰস্ৰাৱ, সৰু শৌচ (প্ৰস্ৰাৱ কৰাত শুচি হবৰ নিমিত্তে প্ৰক্ষালণাদি কাৰ্য্য় অলপীয়াকৈ কৰিব লাগে, এতেকে); making water.

ক্ষুদ্ৰ-শৌচ কৰ্, প্ৰস্ৰাৱ কৰ্, to make water.

ক্ষুধা, সং.শ. (সং. ক্ষুধা -- ক্ষুধ্, ভোক লাগ্) ভোক, খাবৰ ইচ্ছা, hunger.

ক্ষুধাকৰ্, বি. (সং. ক্ষুধাকৰ -- ক্ষুধা, ঐ + কৃ, কৰ্) ভোক লগোৱা, causing hunger.

ক্ষুধাজনক, বি. (সং. ক্ষুধাজনক -- ক্ষুধা, ঐ + জনক, উৎপন্ন কৰা) ভোক লগোৱা, causing hunger.

ক্ষূধাৰ্ত্ত, বি. (সং. ক্ষুধাৰ্ত্ত -- ক্ষুধা, ঐ + আৰ্ত্ত, পীড়িত) ভোকৰ পৰা দুঃখ পোৱা, ভোকাল, hungry, oppressed by hunger.