পৃষ্ঠা:হেমকোষ.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অশিষ্ট
অশোভিত
৪৯

অশিষ্ট, বি. (সং. অশিষ্ট, অসাধু -- অ, নহয় + শিষ্ট, সাধু) অসাধু, দুষ্ট; মিলিব নোৱৰা, হুঁটা; যেনে, অশিষ্ট মানুহক কেৱে ভাল নেপায়, wicked; rude, uncivil.

অশিষ্টতা, গু.শ. (সং.) অসাধুতা, হুঁটা আচৰণ, wickedness; rudeness, incivility.

অশিক্ষিত্, কৃদ.বি. (সং.) শিক্ষানোপোৱা, মূৰ্খ, untaught, uneducated.

অশীতি, সংখ্যা, (সং) আশী, চাৰি কুৰি, eighty.

অশুচি, বি. (সং. অশুচি, অপবিত্ৰ -- অ, নহয় + শুচি, পবিত্ৰ) অশুদ্ধ, অপবিত্ৰ, চুৱা, মলিন, ceremonially impure or unclean; foul.

অশুচিতা, অশুচিত্, গু.শ. (সং.) অপবিত্ৰতা, অশুদ্ধি, মলিনতা; যেনে, বতাহে অশুচিতাক উৰাই নিনিয়ে, ceremonial impurity, the state of being ceremonially impure; foulness.

অশুদ্ধ, বি. (সং. অশুদ্ধ, শুদ্ধ-নোহোৱা) বেয়া বস্তুৰে, মিহলি, মলিন, অশুচি; যেনে, অশুদ্ধ গাৰে দেৱতাৰ উপাসনা নকৰিবা; যেনে হব লাগে, তেনে নোহোৱা; যেনে, পুথি খান অশুদ্ধ; কপটযুক্ত, সৰল-নোহোৱা; যেনে, “অশুদ্ধ মনৰ কৰ্ম্ম বিফল,” foul; impure or ceremonially unclean; incorrect, inaccurate; insincere. স.শ. লেখাৰ ভ্ৰম, যেনে হব লাগে, তেনে নোহোৱা শব্দ বা বাক্য; যেনে, এই কাকতত বহুত অশুদ্ধ আছে, an incorrect word or expression.

অশুদ্ধি, স.শ. (সং.) মলিনতা, অশুচিতা; যেনে হব লাগে তেনে নোহোৱা অৱস্থা, foulness, ceremonial impurity; incorrectness.

অশুভ্, স.শ. (সং. অশুভ, অমঙ্গল -- অ, নহয় + শুভ, মঙ্গল) অমঙ্গল, বিপদ; যেনে, “হৰিৰ নামে কৰে অশুভৰ শান্তি,” misfortune, calamity, বি. অমঙ্গলীয়া, অহিত; যেনে, অশুভ ঘটনা, অশুভ গ্ৰহ, unlucky; unpropitious, unfavourable.

অশুৱনি, বি. (অং. অ, নহয় + শুৱনি, দেখিবলৈ ভাল) দেখিবলৈ বেয়া; কুশ্ৰী, ugly, (স্ত্ৰী) অশুৱনী।

অশুষ্ক, বি. (সং. অশুষ্ক, নুশুকোৱা -- অ, নহয় + শুষ্ক, শুকাণ) নুশুকোৱা, তিতা, not day, moist.

অশেষ্, বি. (সং. অশেষ, অনন্ত -- অ নাই + শেষ, অন্ত) অন্ত-নথকা, ওৰ নপৰা, endless.

অশোক্, বি. (সং. অশোক, শোকহীন -- অ, নাই + শোক, বেজাৰ) বেজাৰ- নথকা, cheerful, not sorrowful. স.শ. এবিধ ফুলৰ গছ, a tree, and its flower (Saraca Indica). The bark is used by native physicians in uterine affections also for dysentery. The tree is sacred amongst Hindus and like the "agnus castus" it is believed to have a certain charm in the preservation of chastity (Dictionary of Economic Products of India).

অশোধিত্, কৃদ.বি. (সং. অশোধিত, শুদ্ধ-নকৰা -- অ, নহয় + শোধিত, শুদ্ধ- কৰা) শুষ্ক-নকৰা, পবিত্ৰ নকৰা, পাৰিষ্কাৰ-নকৰা; অশুদ্ধ বাক্য বা শব্দ শুদ্ধ- নকৰা, unpurified; not cleansed of impurities; uncorrected, unrevised.

অশোভা, স.শ. (সং. অশোভা, শোভাহীনতা -- অ, নাই + শোভা, শুৱনি গুণ) শোভাৰ অভাৱ; আগঢ়; যেনে, ঘৰটোৰ এতিয়া অশোভা গুচিছে, want of beauty, ugliness.

অশোভিত্, কৃদ.বি. (সং. অশোভিত, শোভিত নোহোৱা -- অ, নহয় + শোভিত,