পৃষ্ঠা:হেমকোষ.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অপৰ্
অপব্য়য়্
২৯

অপৰ্, বি. সৰ্ব্ব. (সং. অপৰ, অন্য়, -- অ, নহয় + পৰ, অহিত) অন্য, কোনো বিশেষ লোকত বাজে আন; যেনে, এই কথাঅপৰ লোকক নকবা, other. যো. অব্য. আৰু, দুফাঁকি কথা লগ লগোৱা শব্দ; যেনে, আমি ভালে আছোঁ, অপৰ তুমি কেতিয়া আহিবা জানিব খোঁজো, and, moreover.

অপৰাজিত, কৃদ. স. (সং. অপৰাজিত, পৰাস্ত নোহোৱা -- অ, নহয় + পৰাজিত, পৰাস্ত) নহৰা, পৰাস্ত নোহোৱ, undefeated, not vanquished; unsurpassed. (স্ত্রী) অপৰাজিতা।

অপৰাজিতা, স.শ. (সং. ঐ) এবিধ লতা আৰু তাৰ ফুল, a kind of creeper and its flower.

অপৰাধ, স.শ. (সং. অপৰাধ, জগৰ -- অপ, উপস. + ৰাধ্, সিদ্ধি কৰ) জগৰ, দোষ, an offence, a crime, a fault.

অপৰাধিতা, গু.শ. (সং. অপৰাধিন্) জগৰীয়া অৱস্থা, দোষ, জগৰ, guiltiness, guilt.

অপৰাধী, বি. (সং. অপৰাধিন্, জগৰীয়া -- অপৰাধ, জগৰ + ইন্‌) জগৰীয়া, দোষ কৰা, guilty. স.শ. অপৰাধ কৰা পুৰুষ, an offender, a criminal. (স্ত্রী) অপৰাধিনী।

অপৰাধীন্, বি. (সং. অপৰাধীন, পৰাধীন নোহোৱা -- অ, নহয় + পৰাধীন, তলতীয়া) স্বাধীন, কাৰো তলতীয়া নোহোৱা, independent.

অপৰাহ্ণ, স.শ. (সং. অপৰাহ্ণ, আবেলি -- অপৰ, আনভাগ + অহ্ন, দিন) দিনৰ পাচ ভাগ, পাচ-বেলা, আবেলি, the afternoon.

অপৰিচিত্, বি. (সং. অপৰিচিত, নিচিনা -- অ, নহয় + পৰিচিত, চিনাকী) অচিনাকী, নিচিনা, unknown, unacquainted.

অপৰিপূৰ্ণ, বি. (সং. অপৰিপূৰ্ণ, অসম্পূর্ণ -- অ, নহয় + পৰিপূৰ্ণ, পূৰ) পূৰ নোহোৱা, অসম্পূর্ণ, incomplete.

অপৰিপূর্ণতা, গু.শ. (সং.) পূর্ণ নোহোৱা অৱস্থা, incompleteness.

অপৰিপাটি, বি. (সং. অপৰিপাটি, মন্দ -- অ, নহয় + পৰিপাটি, উত্তম) মন্দ; মলিন; বিশৃঙ্খল, bad, slovenly, disorderly.

অপৰিমিত্, কৃদ. বি. (সং. অপৰিমিত, পৰিমাণ কৰিব নোৱৰা -- অ, নহয় + পৰিমিত, জোখা) পৰিমাণতকৈ অধিক, অতি সৰহ; যেনে, অপৰিমিত আহাৰে ৰোগ জন্মায়, unlimited, unmeasured, beyond measure.

অপৰিষ্কাৰ্, বি. (সং. অপবিষ্কাৰ, মলিন -- অ, নহয় + পৰিষ্কাৰ, পৰিপাটি) নিকা নোহোৱা, মলিয়ন; অস্পষ্ট; যেনে, অপৰিষ্কাৰ লেখা পঢ়া টান, dirty, not clean; not plain, as writing.

অপৰূপ, বি. (সং. অপৰূপ, অন্তত -- অপ, উপস. + ৰূপ, গঢ়) আচৰিত, অদ্ভূত; আগেয়ে নোহোৱা বা নেদেখা; যেনে, অপৰূপ কথা, strange, extraordinary. স.শ. কেতিয়াও নেদেখা নুশুনা ৰূপ বা দর্শন; যেনে, এটা অপৰূপ দেখিলোঁ, a strange or extraordinary form or sight.

অপর্যাপ্ত, বি. (সং. অপর্যাপ্ত, অসীম -- অ, নহয় + পর্যাপ্ত, পৰিমিত) অপৰিমিত, অসীম, অসংখ্য, unlimited, unbounded.

অপবর্গ, স.শ. (সং. অপৱৰ্গ -- অপ, উপস. + বৃজ্‌, ত্য়াগ কৰ) মুক্তি, মোক্ষ, পৰম-পদপ্ৰাপ্তি, final beatitude.

অপবাদ্, স.শ. (সং. অপৱাদ -- অপ, উপস. + ৱাদ, কোৱা) দোষাৰোপ, অপকলঙ্ক, an accusation.

অপবিত্র, বি. (সং. অপৱিত্র, অশুচি -- অ, নহয় + পবিত্র, শুচি) অশুচি, চুৱা, unclean, unholy, ceremonially impure.

অপব্যয়, স.শ. (সং. অপৱ্য়য় -- অপ, উপস. + ৱ্য়য়, ভগন্) অবাবত ভগন, বেয়া কামত কৰা খৰচ, prodigality, wastefulness.