পৃষ্ঠা:হেমকোষ.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অন্তৰ্য্যামী
অন্নপূর্ণা
২৬

অন্তৰ্য্যামী, বি. (সং. অন্তৰ্য্যামিন্, মনৰ ভিতৰলৈ যোৱা -- অন্তৰ, মন + যা, গতি কৰ্), মনৰ ভিতৰলৈ সোমোৱা, এতেকে মন-দেখা, মনৰ সকলো ভাব-বুজা; যেনে, প্রভু অন্তৰ্য্যামী, knowing the heart, heart-searching.

অন্তৰ-শূন্য়, বি. (সং. অন্তঃশূন্য় -- অন্তৰ, ভিতৰ + শূন্য়, শুদা) ভিতৰ-শুদা, ফোঁপোলা, এতেকে জ্ঞান-বিদ্যা নথকা, hollow, ignorant.

অন্তিম্, বি. (সং. অন্তিম, শেষ -- অন্ত, শেষ) শেষ, মৰিবৰ ওচৰৰ, final, last.

অন্তিম-দান্, স.শ. (সং. অন্তিম, শেষ + দান, দিয়া বস্তু) মৰিবৰ সময়ত কৰা দান, এই কাৰণে কোনো মানুহে তেঁও মৰাৰ পাচত ভোগ কৰিবৰ নিমিত্তে দি যোৱা বস্তু, legacy.

অন্তিম-পত্র, স.শ. (সং. অন্তিম, শেষ + পত্ৰ, কাকত) মৰাৰ পাচত ভোগ কৰিবৰ নিমিত্তে দিয়া দানৰ কাকত, উইল, a will.

অন্তী, স.শ. (সং. অন্ত, শৰীৰৰ অঙ্গ) মুনিহ মানুহে কাণত পিন্ধা কঁৰীয়া, an ear-ring worn by a man.

অন্তেসপুৰ্‌, স.শ. (সং. অন্তঃপুৰ, ভিতৰৰ ঘৰ) ডাঙ্গৰ মানুহৰ ঘৰৰ লৰা-তিৰোতা থকা ভিতৰৰ ভাগ; যেনে, “অন্তেষপুৰত থাকা মহা ভাগ। কিমতে পাইল। নাৰদৰ লাগ।।" (শঙ্কৰ দেৱ), the innermost apartment.

অন্ত্যজ, বি. (সং. অন্ত্যজ, অতি হীন জাতিৰ -- অন্ত্য়, নীচ + জন্, ওপজ) নীচ জাতিত ওপজা, হীন জাতিৰ, low-born, of a low caste. স.শ. হীন জাতিৰ পুৰুষ, a man of a low caste, (স্ত্রী) বি. স.শ. অন্ত্য়জা।

অন্ত্যজাতি, স.শ. (সং. অন্ত্যজাতি, নীচ জাতি -– অন্ত্য়, নীচ + জাতি, কুল) নীচ কুল, অধম জাতি, a low caste.

অন্ত্যেষ্টি-ক্রিয়া, স.শ. (সং. অন্ত্যেষ্টি-ক্রিয়া -- অন্ত্য, শেষ + ইষ্ট, হিত + ক্রিয়া, কাম) মৰাক খৰি দিয়া আদি কাম, প্রেতক্রিয়া, funeral ceremonies.

অন্ধ, বি. (সং অন্ধ, কণা -- অন্ধ, কণা হ) চকু-নথকা, গোটেই নেদেখা, totally blind.

অন্ধক্, স.শ. গোটেই কণা মানুহ, totally blind person.

অন্ধকাৰ্, স.শ. (সং. অন্ধকাৰ, আন্ধাৰ -- অন্ধ, কণা + কৃ, কৰ্) আন্ধাৰ, পোহৰ-নথকা; যেনে, অন্ধকাৰ ৰাতি, dark. স.শ. আন্ধাৰ, পোহৰ নথকা অৱস্থা বা গুণ; যেনে, অন্ধকাৰত একো নেদেখি, darkness.

অন্ধঘোপ, স.শ. (সং. অন্ধ, কণা + ঘোপ, আন্ধাৰ সৰু ঠাই) চাৰিও ফালে বেৰা, আন্ধাৰ ঠাই; যেনে, অন্ধঘোপত সোমাইছে গৈ; বৰ আন্ধাৰ; যেনে, অন্ধঘোপ হৈছে, একো নেদেখি, a very dark room; deep darkness.

অন্ধবিশ্বাস, স.শ. (সং. অন্ধ, কণা + বিশ্বাস, প্রত্যয়) কণাৰ দৰে, অৰ্থাৎ বিবেচনা নকৰাকৈ কৰা বিশ্বাস (প্রায়ে ধৰ্ম্মত খাটে); যেনে, অন্ধবিশ্বাসে অধর্ম্মকো ধৰ্ম্ম বোলে, blind faith, bigotry.

অন্ধবিশ্বাসী, স.শ. (সং. অন্ধৱিশ্বাসিন্, বিবেচনা নকৰাকৈ বিশ্বাস কৰা) একো বিবেচনা নকৰাকৈ ধৰ্ম্মত বিশ্বাস কৰোঁতা, a bigot.

অন্ধলা, বি. গোটেই কণা, wholly blind. স.শ. গোটেই কণা পুৰুষ, a wholly blind man. (স্ত্রী) আন্ধলী ।

অন্ন, স.শ. (সং. অন্ন, খাদ্য -– অদ্, খা) ভাত, চাউল; আহাৰৰ বস্তু, rice ; food.

অন্ন-জল, স.শ. (সং. অন্নজল, আহাৰ-পানী -- অন্ন, আহাৰ + জল, পানী) জীৱিকা, প্ৰবৰ্ত্তিবৰ উপায়, বৃত্তি, subsistence, means of support.

অন্নদাতা, সং.শ (সং. অন্নদাতৃ, আহাৰ দিওঁতা -– অন্ন, আহাৰ + দাতৃ, দিওঁতা) আহাৰ দিওঁতা, পোহপাল-দিওঁতা, প্রতিপালক, a supporter, a hospitable man. (স্ত্রী ) অন্নদাত্রী।

অন্নপূর্ণা, স.শ. (সং. অন্নপূর্ণা, দুৰ্গা -- অন্ন, আহাৰ + পূর্ণ, পূৰ) দুৰ্গা-দেবী, আহাৰ দিয়া গোসানী, a name of Doorga, especially of that form of her in which she is supposed to give food to mankind, called also অন্নদা।