পৃষ্ঠা:হেমকোষ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অনুৰোধ
অনুক্ষণে
২৪

কাৰ্য্য কৰিবৰ নিমিত্তে কৰা খাটনি; যেনে, অমুকৰ অনুৰোধত এই কাৰ্য্য কৰিলোঁ, কাৰ্য্যৰ অনুৰোধত ইয়ালৈ আহিলোঁ, recommendation, the set of advising something fit to be done.

 সমা -- সমান মানুহক কোনো কাৰ্য্য কৰিবলৈ কোৱাক “অনুৰোধ” বোলে, ডাঙ্গৰ মানুহৰ পৰা কোনো উপকাৰ বিচৰাৰ নাম “ভাৰসা” বা “খাটনি”।

অনুৰোধ কৰ, কোনো এজনৰ উপকাৰৰ নিমিত্তে আন এজনক খাট; কোনো কাৰ্য্য় কৰিবলৈ খাট্, to recommend, to advise something fit to be done.

অনুলেপ, স.শ. (সং. অনুলেপ, গাত ঘঁহা সুগন্ধি দ্রব্য -- অনু, উপস. + লিপ, ঘঁহ), গাত ঘঁহা সুগন্ধি বস্তু, any fragrant substance with which the body is besmeared.

অনুলেপন্, কৃদ, স. (সং.) গাত সুগন্ধি দ্রব্য ঘহন; যেনে, স্নানৰ পাচত অনু-লেপন কৰিব লাগে, the act of smearing the body with unguents. স.শ. গাত ঘঁহা গন্ধ দ্রব্য; যেনে, চন্দন এবিধ অনুলেপন, an unguent, any fragrant substance with which the body is anointed.

অনুশীলন্,কৃদ.স. (সং. অনুশীলন, অভ্যাস -- অনু, উপস. + শীলন্, আচৰণ) অভ্যাস, কোনো কথা শিকিবৰ নিমিত্তে পুনঃ পুনঃ কৰণ, study, exercise.

অনুশোচ, স.শ. (সং, অনুশোচন, বেজাৰ -- অনু, পাচত + শুচ, শোক কৰ্) অনুতাপ, কোনো বেয়া কাম কৰাৰ পাচত হোৱা বেজাৰ, repentance.

অনুষ্টুপ, স.শ. (সং. অনুষ্টুপ, এবিধ ছন্দ -- অনু, উপস. + ষ্টুত্, থাম) সংস্কৃতৰ এবিধ চুটি ছন্দ, a short measure of verse in Sanskrit.

অনুষ্টুপীয়া, বি. অনুষ্ট প-ছন্দৰ দৰে সংক্ষেপ, অলপীয়া, অনুৰূপীয়া; যেনে, অনুষ্টুপীয়া কার্য্য়, of an inferior degree, brief, small.

অনুষ্টুপীয়াকৈ, ক্রি.বি. অনুৰূপীয়াকৈ, সংক্ষেপকৈ, in a small degree or proportion.

অনুষ্ঠান, স.শ. (সং. অনুষ্ঠান, আৰম্ভ -- অনু, উপস. + স্থা, থাক্) আৰম্ভ, commencement.

অনুষ্ঠান্-পত্র, স.শ. (সং. অনুষ্ঠান-পত্র, কোনো কাৰ্য্যৰ আৰম্ভৰ কথা থকা কাকত -- অনুষ্ঠান, আৰম্ভ + পত্ৰ, লেখা) কোনো কাৰ্য্য আৰম্ভ কৰিবৰ সময়ত সেই বিষয় লোকক জনাবৰ কাৰণ লেখা কাকত, a prospectus.

অনুসন্ধান্, স.শ. (সং. অনুসন্ধান, বুজ বিচাৰ -- অণু, উপস. + সন্ধান, লক্ষ্য়) বুজ-বিচাৰ, ভু-লোৱা, বিচাৰ-পৰ, বুজ-বাজ; যেনে, এই কথাৰ অনুসন্ধান লোৱা; উদ্দেশ, উৱাদিহ; যেনে, চোৰৰ অনুসন্ধান পোৱা নাই, enquiry; search.

অনুসন্ধান-প্রিয়, বি. (সং. অনুসন্ধানপ্রিয়, বিচাৰত ৰত --অনুসন্ধান ঐ + প্রিয়, ভালপোৱা) সকলো কথাৰ আগ-গুৰি বিচাৰ কৰাত ৰত, of an enquiring habit.

অনুসৰি, অনুসাৰে, ক্রি.বি. (সং. অনুসাৰ, অনুযায় -- অনু, পাচত + সৃ, গতি কৰ্) সমানে, পৰিমাণে; যেনে শক্তি অনুসৰি বা শক্তি অনুসাৰে ভক্তি; দৰে, অনুযায়; যেনে, আজ্ঞা অনুসৰি বা অনুসাৰে কৰ্ম্ম কৰিছে, in proportion to; according or agreeably to.

অনুস্বাৰ্, স.শ. (সং. অনুস্বাৰ -- অনু, পাচত + স্বৃ,, উচ্চাৰ্‌; আন এটা আখৰৰ পাচত উচ্চাৰিত হয়, এতেকে) নাকে দি মতা বিন্দু, "ং", the nasal letter "ং".

অনুক্ষণ, অনুক্ষণে, ক্রি.বি. (সং. অনুক্ষণ, প্রতিক্ষণ -- অনু, উপস. + ক্ষণ, খন্তেক) সকলো সময়ত, উশাহে-উশাহে,