পৃষ্ঠা:হেমকোষ.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অনুগমন
অনুদ্দেশ
২১

কৰ) পাচত ফুৰা, উপাসক, অধীন, dependent. স.শ. অধীন লোক, follower or dependent.

অনুগমন্, স.শ.( সং. অনুগমন, পাচত গমন -- অনু, পাচত + গমন, যাওন) পাচত যোৱা কাৰ্য্য; এতেকে সতী যোৱা কাৰ্য্য; যেনে, অমুকৰ ভাৰ্য্যাই স্বামীৰ অনুগমন কৰিলে, the act of following or going after another; the act of a woman burning herself on the funeral pile of her husband, concremation.

অনুগামী, বি. (সং. অনুগামিন, পাচত যোৱা -- অনু, পাচত + গামিন, যোৱা - গম্, গতি কৰ) পাচত যোৱা; লোকে যেনে কৰে, তেনে কৰা, going after another, imitating. স.শ. পাচত যোৱা বা লোকৰ নিচিনা কৈ আচৰণ কৰা মানুহ, a follower; an imitator.

অনুগ্রহ্, স.শ. ( সং অনুগ্রহ, দয়া -- অনু, উপস. + গ্রহ্‌, ল) কৃপা দৃষ্টি, দয়া, a favour.

অনুগৃহীত্, কৃদ. বি. (সং.) যাক অনুগ্রহ কৰা যায়, অনুগ্রহ পোৱা, উপকৃত, favoured.

অনুগ্রাহক, স.শ. (স.) অনুগ্রহ-কৰোঁতা, উপকাৰী লোক, benefactor. বি. উপকাৰী, favouring, favourable.

অনুচৰ, স.শ. (সং. অনুচৰ, লগুৱা -- অনু, পাচত + চৰ্, গমন কৰ) লগত যোৱা মানুহ, লগুৱা, আলধৰা, an attendant, a servant, a follower.

অনুচিত্, বি. (সং. অনুচিত, অযুগুত -- অ, নহয় + উচিত, যুগুত) অযুগুত, যুক্তিৰ বিৰূদ্ধ, improper, wrong.

অনুচ্চ, বি. (সং. অনুচ্চ, ওখ নোহোৱা -- অ, নহয় + উচ্চ, ওখ) ওখ নোহোৱা, চাপৰ, low.

অনুজ, স.শ. (সং. অনুজ, কনিষ্ঠ -- অনু, পাচ + জন্, ওপজ্) আপোনাতকৈ পাচে ওপজা লোক, কনিষ্ঠ, সৰু ভাই, a younger brother.

অনুজ্ঞা, স.শ. (সং: অনুজ্ঞা, অনুমতি -- অনু, উপস. + জ্ঞা, জান্) অনুমতি ; assent, permission. (অনুমতি চোৱাঁ)

অনুজ্ঞা, স.শ. (সং. অনুজ্ঞা, অনুমতি -- অনু, পাচত + জ্ঞা, জান্, প্ৰাৰ্থনাৰ পাচত আদেশ জনোৱা যায়, এতেকে) অনুমতি, প্ৰাৰ্থনা অনুসাৰে কৰা আদেশ, permission.

অনুতাপ্, স.শ. (সং অনুতাপ, পশ্চাত শোক -- অনু, পাচত + তাপ, শোক - তপ্, দুখ কৰ্) কুকৰ্ম্মৰ পাচত হোৱা শোক, regret, repentance. সমা,-- শোক, বেজাৰ, বিষাদ, এই কেইটা শব্দে সকলো প্ৰকাৰৰ মনৰ দুখক বুজায়; অনুতাপ কোনো হানি হলে বা নকৰিব লগীয়া কাম কৰিলে তাৰ বাবে যি শোক হয়, তাত খাটে।

অনুতাপিত্, কৃদ.বি. (সং.) অনুতাপ-পোৱা; বেজাৰ-পোৱা, repentant.

অনুত্তম, বি. (সং. অনুত্তম, বেয়া -- অ, নহয় + উত্তম, ভাল) ভাল নোহোৱা, অভাল, বেয়া, bad.

অনুৎসাহ,স.শ. (সং. অনুৎসাহ, উৎসাহহীনতা -- অ, নাই + উৎসাহ, উদ্যম) উৎসাহৰ অভাৱ, চেষ্টা কৰিবৰ অনিচ্ছা, absence of zeal or exertion.

অনুৎসাহিত্, বি. (সং.) উৎসাহ-নোপোৱা; উৎসাহ-ভঙ্গা; যেনে, লৰাক শিক্ষাত অনুৎসাহিত নকৰিবা, not encouraged; discouraged.

অনুৎসাহী, বি. (সং.) উৎসাহ-নথকা, অনুদ্যোগী, not zealous.

অনুদিন্, ক্রি.বি. (সং. অনুদিন, নিতৌ -- অনু, উপস. + দিন, দিৱস) নিত্যে, নিতৌ, প্রতিদিনে (পদ্য়ত মাথোন খাটে), every day.

অনুদিনে, ক্রি.বি. (সং. অনুদিন, নিতৌ) নিত্যে, নিতৌ, প্রতিদিনে, every day.

অনুদ্দেশ্, বি. (সং. অনুদ্দেশ, উৱাদিহ নথকা -- অন, নাই + উদ্দেশ, উৱাদিহ) স্থানান্তৰলৈ যোৱা মানুহ কত আছে, তাৰ বুজ-নোপোৱা, নিৰুদ্দেশ, gone

away and unheard of.