পৃষ্ঠা:হেমকোষ.pdf/২৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গায়ত্ৰী। গায়ত্ৰী, স. শ. (সং. গায়ত্ৰী-~-গৈ, গান কৰ+তৃ, উদ্ধাৰ কৰ) ঋগ্বেদৰ এটা বৰ পবিত্ৰ মন্ত্ৰ, তক পাঠ কৰিলে সকলো পাপৰ পৰা উদ্ধাৰ হোৱা যায়, আৰু ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য তিনি জাতিত বাজে আনে বা আনৰ আগত তাক পাঠ কৰিব নেপায়, a scred verse . from the Rigveda. গাৰী, “গাড়ী” চোৱা। গাৰৰ, স. শ. এজাতি পৰ্বতীয়। মানুহ, a hill tribe of Assam. গাৰোখোৰা, স. শ. গাৰৰ-জাতিৰ এবিধ কঁহৰ পাত্ৰ, a kind of metal vessel made by the Garos. গাল, স. শ. (সং. গ, মুখৰ পঁতি) চকুৰ তলৰ পৰা থেতেৰাৰ তিলৈকে সকলো ভাগ, the check. উপশ. সৰু গুটিৰ সমূহ বুজাবৰ নিমিত্তে সংজ্ঞা শব্দৰ পাচত ব্যৱহৃত শব্দ; যেনে, ধান-গাল, a word used after a noun to denote a quantity of (applied to than, Sc.). গা মাৰু, এগাল মুখত ভ; যেনে, বাপুৰে ভাত গাল মাৰিবলৈ নেপালে, to put into the mouth a handful of seculs, &c. গালি, স. শ. (সং. গালি—গল, জ্বৰ হ) কটু কথা, অবচনীয়া বচন, দুৰ্বাক্য, abusive language. উপশ, ক্ষুদ্ৰ আৰু মৰম লগা বা ভাল বস্তুৰ সমূহ বুজাবলৈ ব্যৱহৃত শব্দ; যেনে, প্ৰসাদগলি, a word used to denote a quantity of small and good things. গালি-শপনি, স. শ. (গালি+ শপ, শাও দি) Stefat eta e, abuse and cursing. গাল-ফল, স. শ. বাঁহৰ মাছ-ধৰা যন্ত্ৰ fact, a kind of fish trap. গাৰ, সশ, গা, শৰীৰ, (পদ্য); the body. গাৱলীয়া, বি. “গাৱঁলীয়া” চোৱা। গাৱাল, বি. গা-ভাঙ্গৰ, fat. গা-সৰু, বি. সৰু গাৰে যুক্ত, লাহী, slender-bodied, thin, lean. গিৰি। গাহৰি, স. শ. ( অৎ, গ, শৰীৰ + সং. হৰি, বিষ্ণু, বিষ্ণু বৰাহ হৈছিল এতেকে) শূকৰ, 371, a boar or sov. গিগিজ, বি. প্ৰচুৰ ভৰপূৰ, অলপ ঠাইত গোট খোৱা অধিক; যেনে, তাত মানুহ fsterften dees, numerous. গিগিজনি, স. শ. অধিক আহাৰ বা অৰ্জীৰ্ণৰ পৰা হোৱা পেটৰ বেদনা, ঠিহ- ঠিহনি, pain in the stomach from eating too much or indigestion. গিজগিজা, অ, ধাঠিঠিহা, অধিক আহাৰ বা অজীৰ্ণৰ পৰা খেচা-বিন্ধাৰ নিচিনা বেদনা বোধ কৰ; যেনে, পেটটোৱে fsreferits, to feel a pain in the stomach froin eating too much or indigestion. গিজগিজাই উঠ, অনেকে একে লগে খ বা অসন্তোষ প্ৰকাশ কৰ; যেনে, এই কথা শুনি সিহঁতে গিজগিজাই উঠিল, to express anger or displeasure in a boily. গিদ, স. শ, (সং. গুদ, মলৰ দ্বাৰ) গুহ্ন গিদা, দ্বাৰ, বহিৰ্ছাৰ, পোকৰ; গাৰ তল ভাগ; এতেকে পাত্ৰৰ তলি, tle anus, the posterior, the bottom of a vessel. গিদ-কুমলি, স. শ. (গিদ +কোমল, মৃদু ) মলদ্বাৰৰ মুখভাগ, the lover ex- tremity of the alimentary canal. , গিৰি, স. শ. (স. গিৰি-গু, গি) পৰ্বত, a hill, a mountain. গিৰি, অমুক, কোনো ব পৰিলে হোৱ উচ্চ শব্দ; হিলৈৰ শব্দ, an imitative sound used to express a loud report, as of anything falling licavily, or that of a gun. গিৰিজা, স, শ, (সং. গিৰিজা- গিৰি, পৰ্বত +জা, জন্মা) হিমালয়ৰ জীয়েক; পাৰ্বতী, paty, a name of Durga. গিৰিপ, অনুক, অনেক মানুহে একে লগে ভৰি পেলোৱাৰ শব্দ, an imitative