এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হালধিবটা আবেলি
অথিৰ
অথিৰ বুলি জানিও থিৰ হৈ পোনাব খোজো কাঁড়
ভ্ৰমতে বাৰে বাৰে সোমাই পৰো মায়াবৃত্তৰ চাকনৈয়াত
ধাৰাল পকনীয়া ঠেলি পাকঘূৰণি খাই ওলাই আহো
একেই উশাহ মাটি-পানী-গছ
জেদ কৰি নিশ্বাসেৰে ওলাই আহে চঞ্চল-চিত্তৰ মাৰপঁহা গান
বাৰেপতি পোনাব খোজো পানীপোতাৰ খুঁটা
সিমানে হালি গৈ আছে পানীৰ দিশে
নিজক যিমানে ধৰি ৰাখিব খুজিছো দেওলগা ঘোঁৰাটোৰ দৰে ছট্ফটাই উঠিছে
গেজেপনিত লুকাই থকা দেওডঁৰিকৰ চঞ্চলতাতকৈ
কোনোগুণে কম নহয় এই জীৱন
স্মৃতিৰ কেনভাছ আৰু ফুলৰ তোৰা কঢ়িয়াই ফুৰা এই হাত
মাথোঁ অস্থিৰতাৰ ক্ষণিক সমষ্টি
দিন-দুপৰতে পৰুৱাই পোৱা বাটৰুৱাটোৰ দৰে
পুনৰায় উভতি আহো— যি ঠাইৰ পৰা থিৰ হৈ পোনাইছিলো খোজ
অথিৰ এই জীৱন, চাতকৰ দৰে উৰি ফুৰে
জাৰকালিৰ বৰষুণ বিচাৰি৷