পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ১৫ ]

বামডালা ওতিয়া ঝালুৱা হিজল বানৰ-ডিমা।
গণশৰৈ ৰুইমলা চাম খৈৰ বগীপুমা॥
মোমাইলেটেকু হলঙ পাইন আৰু ঠোটমলা।
মাকৰীশাল কৰৈ কহিৰ উবিয়াম বলা॥
এইবোৰ নানা গছ ওপজে আমাৰে বনত।
তাকে কাটি সজাওঁ আমি আমাৰ ঘৰ শকত॥

আমাৰ দেশৰ শাকপাচলি

আমাৰ বাগানত ফলে নানা শাক পাচলি।
সুখ মনেৰে তাকে আমি খাওঁ তিনি বেলি।
লাই লফা পালেং চুকা পদুনা ধনীয়া।
মৰিচা বাবৰি জীৰা মেমধু ঢেৰুৱা॥
কলা-ডিল লাউ কোমোৰা ভোল ঝিকা পটল।
অমৃতা উৰহি তিয়ঁহ বেঙেনা কেচা-কল॥
মাটি-মাই মূগ মছুৰ তিল বুট মটৰ।
কচু এদা পিয়াজ নহুৰ সৰিয়হ অৰহৰ॥
ভাতকেৰেলা তিতাকেৰেলা জালুক জলকীয়া।
পুঁই কাদুৰি মানিমুনি ওল আলু ঢেকীয়া॥
বেত-গাজ তৰা-গাজ মহানিম-তিতা।
বাঁহগ৷জ, মৰিটেঙা ছেলেং বালি-তিতা॥