পৃষ্ঠা:স্তুতি মালা.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গোপাল স্তোত্ৰ।

ভক্ত কল্পতৰু  জগতৰ গুৰু
 নমো নমো নাৰায়ণ;
কৰা অনুগ্ৰহ  মায়াৰ নিগ্ৰহ
 পশিলোঁ মই শৰণ৷
দুষ্ট ৰিপুচয়  দেহা কৰে ক্ষয়
 ৰোগে শোকে পোৰে মন;
পাপবিমোচন  জানি নাৰায়ণ
 তোমাতে লৈলোঁ শৰণ।
বিজুলীৰ দৰে  চক্‌মক্ কৰে
 অথিৰ ৰূপ যৌবন;
মায়া অন্ত কৰি  মুকুন্দ মুৰাৰি
 মায়াৰ কৰা নিৰ্জান ।
বেদকৰ্ম্মহীন  কুৰ্কম্মতে লীন
 সদায় পাপত মন;
হে যদুপতি  মই মূঢ়মতি
 চৰণে লৈলোঁ শৰণ।
নেদেখোঁ শোভন  নকৰোঁ কীৰ্ত্তন
 নিৰানন্দ সদা মন;
নন্দৰ নন্দন  শ্ৰীমধুসূদন
 মাগিছোঁ হেৰা শৰণ।