পৃষ্ঠা:সূতিকা পটল.djvu/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
সূতিকা পটল।

বড়ী কৰি পুনঃ ঋতু নহয় মানে খাব। গর্ভিণী থাকিলে ৰক্ত ভাঙি যদি গর্ভ ৰক্ষা পৰে তেন্তে এই বড়ী খুৱাব নালাগে।

⸻⸻

গর্ভ নষ্ট হয় কিয় ?

১। বড় জ্বৰ হােলে, ২। পেটৰ নৰিয়া হােলে, ৩। বসন্ত হােলে, ৪। লুতি ওলালে, ৫। আফাল খাই পৰিলে, ৬। বহু পৰিশ্ৰম কৰিলে, ৭। বেগদি বহু বাট বুলিলে, ৮। বড়কৈ কাঁহিলে, ৯। বড়কৈ হাঁহিলে, ১০। বড় খঙ কৰিলে, ১১।বড় ৰঙ পালে, ১২। অমঙ্গলৰ সম্বাদ হঠাৎ শুনিলে।

⸻⸻

(গর্ভ ৰক্ষাৰ উপায়)।

 যি স্ত্ৰীৰ ২। ৩ বাৰ গৰ্ভ নষ্ট হইছে সেই স্ত্ৰীৰ গৰ্ভ ৰক্ষাৰ অন্য ঔষধ নালাগে। ১ এক বছৰ স্বামী সহবাস নকৰিব, এক বৎসৰ গর্ভ নহই থাকি তদন্তে গর্ভ ধাৰণ হলে সেই গর্ভ ৰক্ষা পৰিব। প্ৰথম বাৰ গৰ্ভ নষ্ট হলে ৪ মাহ স্বামী সহবাস নকৰিব, তদন্তে যি গর্ভ হব সি গর্ভ নষ্ট নহব।

⸺⸺

গর্ভ নষ্ট হব ধৰাত ৰক্ষাৰ উপায়।

 অধিক ৰক্ত ভাঙিলে ঘনে ঘনে পেটৰ বেদনা হব ধৰিলে গর্ভ ৰক্ষা নপৰিব। অল্প ৰক্ত ভাঙিছে, অল্প মাত্ৰ পেট বেদনা হইছে তেন্তে ৰক্ষাৰ যত্ন কৰিব।

 মাটীত এটী পাটী বা এখনী কপাহি পাতল কাপৰ পাৰি শুৱাই থোবা; শৌচাদিৰ কাৰণো বহিব উঠিব নেদিবা। গাত