পৃষ্ঠা:সূতিকা পটল.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
সূতিকা পটল ৷

তাতে অল্প মাত্রায় টার্পিণ যােগ দিলে।
অতি শীঘ্ৰে ঔষধৰ উপকাৰ মিলে॥
দিবা ৰাত্রে পাঁচ বাৰ ঘষিবে লাগয়।
প্রতিবাৰ একদণ্ড ঘষিলেসে হয়॥
জোকাৰিয়া লব পাত্ৰ তৈল মিশলিব।
সেই তৈল লই বুকে পৃষ্ঠে ঘষি দিব॥
ভূর্জ্জপত্ৰ তৈল ই দেশত নিমিলয় ।
ইংৰেজি ঔষধ বিক্রেতায়ে সে বেচয়॥
ভূর্জ্জপত্র তৈল “ক্যাজুপট ঐল” বলে।
সেই নাম লব কিনিবৰ অৰ্থে গলে॥
আত পৰে আৰু এক আছয় উপাই।
মুখ বান্ধি টেকেলিত জল তপতাই॥
টেকেলিৰ মুখৰ বন্ধন মেলি দিব।
সাৱধানে বালকক কোলাত তুলিব॥
টেকেলিৰ পৰা তাপ উঠিব বিস্তৰ।
বালকৰ মুখ নিব ভাপৰ উপৰ॥
নাকে মুখে ভাপ লগাইব কিছু কাল।
মস্তকৰ ভাৰ গুছি হইবেক ভাল॥
দিনে চাৰি পাঁচ বাৰ দিব এই ক্ৰমে।
পথ্য দিব উষ্ণ দুগ্ধ চাগু মণ্ডসমে॥