(৮২)
হল, তাক আমি এৰিবও নোৱাৰোঁ ধৰিবও নোৱাৰোঁ। এই পৃথিবীৰ স্বাভাৱিক
নিয়মত দেখা যায়, কোনো এবিধ জন্তু বা গছ বেয়া ঠাই বা বেয়া জলবায়ুত
পৰিলে লাহে লাহে সি জাত এৰি অজাতৰীয়া হয়। দ্বাৰভাঙ্গাৰ লেংৰা আমৰ
কলম, বোম্বাইৰ বোম্বে আমৰ কলম, কাশীৰ মধুৰি আমৰ কলম, মজঃফৰপুৰৰ
লিচিৰ কলম আনি আসামত ৰুলে, জলবায়ু, মাটি আদি অৱস্হাৰ পৰিবৰ্ত্তনত
সেইবোৰ অজাতৰীয়া হয়, মজুৰা হয়, তাৰ ফলত পোকে ধৰে, আৰু তাত
আগৰ সোৱাদ নাথাকে। দহ-বাৰ সেৰ গাখীৰ ওলোৱা নাগৰ গাই বা ভাগলপূৰী
গাই পচিমৰ পৰা আনি আসামত ৰাখিলে, লাহে লাহে তাৰ গাখীৰ কমি গৈ
এসেৰ আধাসেৰত পৰে, আব, বছৰ চেৰেকৰ ভিতৰতে সেই গাইৰ পোৱালিব
আধোগতি হৈ তিলৌতিপৌ হৈ পৰে। হিন্দুকুশ নাইবা ককেচচ্ পৰ্ব্বতৰ
কাষৰ নাইবা বাল্টিক সাগৰৰ পাৰৰ একে জাতৰে আৰ্য বিলাক ঠাই আৰু
অৱস্হাৰ সলনিত, দীঘল পঞ্জাবী, শকত-আবত ভোজপুৰীয়া, কলীয়া মাদ্ৰাজী,
পেটুৱা বঙ্গালী, আটিল অসমীয়া আৰু গাথলু, পৰ্ব্বতীয়া হৈছে। জাতৰ
পৰিবৰ্ত্তন যদি এইদৰে সকলোপিনে ঘটিল, তেন্তে মিছাকৈ ডাংকোপ মাৰি
আমি পূৰণিকলীয়া উৱলি যোৱা জাতত কটুকটীয়াকৈ খামোচ মাৰি থকাৰ
মানে কি? আজিকালিৰ যি নিয়মৰ জাত, তাক মানুহে পতাহে, তাক মানুহে
পতাহে ঈশ্বৰে স্ৰজা নহয়, এইটো ধুৰুপ; তেহেলৈ আপোনালোকে যিমানকে
শাস্ত্ৰৰ পাত লুটিয়ালুটি কৰক। জাত সৃষ্টি বিষয়ে মহাভাৰতে কি কৈছে,
আগেয়ে কৈ আহিছোঁ। বৈদিক কালত জাত নাছিল, সকলোৱে স্বীকাৰ কৰিছে।
পিছৰ কালতহে জাতৰ আবিৰ্ভাব। সেই কালত তেনে জাতৰ আৱশ্যক আছিল
দেখি তাক তেনেকৈ পতা হৈছিল। আজিকালি তেনেকুৱা জাতৰ সকাম নাই
দেখি তাক ভঙ্গা উচিত। মানুহৰ বা তেওঁৰ আগৰ দিনতে সজা জাতৰ ঘৰৰ
তলত আমি এতিয়াও নিৰ্ভয়ে ফস্তি মাৰি শুই থাকিলে ভাগি পৰা ছালবোৰৰ
হেঁচাত আমাৰ পৌৰাণিক প্ৰাণবায়ুটি উৰি পলাই যোৱাৰ খুব সম্ভৱ। মানুহে
যিটো পাতে, মানুহেই নিজৰ বা সমাজৰ সুবিধা অসুবিধা বুজি সেইটো
ভাঙ্গিব পাৰে আৰু ভাঙ্গে; আৰু ভাঙ্গিবই লাগিছে দিনে ৰাতিয়ে। যদি এই
কথা সঁচা, তেন্তে জাত জাতকৈ ইমানটো “হাঙ্গামৰ” সকাম কি?
‘আৰ্য্যবিলাক যেতিয়া খাইবৰ গিৰিসঙ্কটেদি ভাৰতবৰ্ষ সোমাইছিলহি তেতিয়া তেওঁলোকে ভাৰতবৰ্ষৰ আদিবাসী অসভ্য মানুহৰ সৈতে তুমুল সংগ্ৰাম কৰি লাহে লাহে আগুৱাব লগাত পৰিছিল যে এইটো নিশ্চয়; আৰু সিদ্ধ, নৈৰ পাৰৰে পৰা ইফালে আগবাঢ়ি আহোঁতেও ভাৰতবাসী বৰ্ব্বৰবিলাকৰ সৈতে খনে খনে যুদ্ধ কৰিহে তেওঁলোক আহিব পাৰিছিল। তেনেস্হলত