ওভোটা-কোলৰ নিচিনা বুধিৰ মলখুৱে এল-এ পৰীক্ষাটো কোনো মতে খুচি
ধৰিলে আৰু কলিকতা গেজেটত তৃতীয় বিভাগত তেওঁৰ নামটো তৃতীয়াৰ
চন্দ্ৰৰ দৰে উদয় হ'ল। বি.এ, পৰীক্ষাটোকো তেওঁ সেইদৰে কাবু কৰিবৰ
মতলবেৰে “চেণ্ট্জেভিয়ৰৰ্চ” কলেজৰ তৃতীয় বাৰ্ষিক শ্ৰেণীত ভৰ্ত্তি হল। কাতি
মাহৰ পহিলা তাৰিখটো মনত ৰাখিব লগীয়া দিন; আমাৰ নহলেও মিষ্টাৰ
এম্ গগৈৰ; কাৰণ সেইদিনা গধূলি পাঁচ বজাত মিষ্টাৰ এম্ গগৈয়ে দেশী
চুৰিয়া চোলা চেলেঙক কুটা চি্ঙি এৰি হেট কোট পেণ্টলুন পিন্ধি চাহাব হৈ
ডাক্তৰ চৰ্কাৰৰ “চায়েণ্ড এছ’চিয়েচনৰ” বক্তৃতা শুনিবলৈ গৈছিল। আঘোণৰ
শেহ পষটোকো কাতিৰ পহিলা তাৰিখৰ শালপতিয়েক বুলিলে হয়; কিয়নো,
সেই পষতে তেওঁৰ নামেও তেওঁৰ সাজৰ পিচ ধৰি, পুৰণি লেটাটো ফুটাই
তাৰ ভিতৰৰ পৰা পোক গচি পখিলা হৈ ওলাল। অৰ্থাৎ মিষ্টৰ এম্ গগৈ
মলক্ গুইন্-গুইন্ (Mullock Gwyn-Gwyn) হল। কেৰেলুৱাটো গৈ
থাকোঁতে তাক কোনোবাই ছুই দিলে যেনেকৈ সি থমকি গোটবান্ধি ঘূৰণীয়া
হয়, সেইদৰেই আমাৰ মলখু চাহাব পঢ়া-শুনাৰ বাটত বাটবুলি থাকোঁতেই
চাহাবী সাজ ‘খানা’ আৰু নামে তেওঁক ছুই দি থমকাই দিলে, আৰু তেওঁ
হেট কোট পট্লুঙে সৈতে গোটবান্ধি ঘূৰণীয়া হল। অধিক কি, মলক্
গুইন্-গুইন্ চাহাব বি,এ পৰীক্ষাৰ ঘূৰণীয়া মেৰটোত সোমাই গৈ ঘূৰি ঘূৰি
আকৌ আগৰ ঠাইতে ওলাবলৈ ধৰিলে, কোনোমতে অলপো আগবাঢ়িব
নোৱাৰাত পৰিল; অৰ্থাৎ পোনাই কবলৈ গলে, তেওঁ ‘ফেল’ হল। ইফালে
চৰকাৰৰ ঘৰৰ পৰা পোৱা জলপানীৰো ওৰ পৰিল। আৰু তেওঁৰ কাপোৰ-
কানিও কলা হল। অগত্যা তেওঁ কৰে কি, ঘৰলৈকে উভতি যাবলৈ থিৰ
কৰিলে। দুখৰ কথা কি কবা, গুইন্-গুইন্ চাহাবে চান্দনি বজাৰত প্ৰস্তুত
চাহাবী কোটেৰে ঢকা বহল পিঠিখন “চিভিলাইজেচনৰ বোটলত” অৰ্থাৎ
সভ্যতাৰ ৰণত দেখৱাই ঘৰমুৱা হৈ অসভ্য আসাম দেশলৈ অগত্যা যাবলগীয়াত
পৰিল। অদৃষ্টই কলিকতাৰ সাৰুৱা মাটিৰ পৰা তুলি নি আসামৰ
কটুৰ মাটিত মলক চাহাবক ৰুই দিয়া বাবে তেওঁ চক্ খাই কিছুমান দিন
গজালি পোখা একো নেমেলাকৈ আছিল; কিন্তু শেহত দয়াময় হাকিম
পৰ্টিরিচ চাহাবৰ দয়াত তেওঁ স্কুলৰ চব ইন্সপেক্টৰ বিষয়খন পালে। টেঙৰ
কলা মলক চাহাবৰ এটা গুণ আছিল; তেওঁ বগা চাহাবসকলৰ ভৰিত ভালকৈ
তেল টেঙা ঘহিব জানিছিল; গতিকে তেওঁ অলপ দিনৰ ভিতৰতে চব-
ইন্সপেক্টৰৰ মোটটো সলাই তচিলদাৰৰ মোটটোত সোমাবলৈ পালে।
এইখিনিতে কোৱা আৱশ্যক যে পো তুলি-তালি ডাঙৰ দীঘল কৰি তাৰ ঘটন্-পিটন্ খাম বুলি বাট চাই থকা বাপেক তোলন সাজতোলা আৰু