পৃষ্ঠা:সুৰভি.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(18)

কাণ্ডখন দেখি-শুনি আমাৰ দেশৰ ভোদা মানুহবোৰ তধা লাগি গৈছিল। ডেকা তৰপৰ ডেকা তেজে, "বি-এল-এ-ব্লে" শিকা ডেকাসকলক বৰমহৰীৰ বৰ সৰু কামৰ নিমিত্তে উদগণি ঢোল বজাই লৰুৱাইছিল-ধপৰাইছিল; বুঢ়া তৰপৰ চেচা তেজীয়া বুঢ়াসকলকো ডেকাসকলৰ গাৰ বতাহৰ কোবে থৰকবৰক নলগোৱাকৈ এৰা নাছিল। তেওঁলোকে ডেকা পুতেকহঁতৰ আশাৰূপী বৰৰ আঠাৰ বৰ মোণাত সোলামুখৰ সোলোক ঢোলোক ফু বতনেৰে দি তাক ফুলাই ডাঙৰ কৰি দিয়াত ত্ৰুটী কৰা নাছিল। এনেস্থলত আমাৰ খাটনিয়াৰৰ ভায়েক ভূধৰে যে আসাম কোম্পানীৰ দীঘলিটিং চাহ বাগিচাৰ বৰমহৰীৰ বৰ কামটো অতি যতনেৰে পাই, তাক প্ৰাণকাতৰে গবা মাৰি নধৰিব, তাত সন্দেহ কৰিবৰ কোনো কাৰণ নাছিল।

 খাটনিয়াৰৰ মৃত্যুৰ পিছত স্বভাৱতে, ভূধৰ বৰমহৰীয়েই জোঁকতলীৰ ঘৰৰ গৰাকীৰ পদ পালে। তেওঁ দীঘলিটিং আৰু জোঁকতলীৰ ভিতৰত কেৰা নলগাকৈ সমানে তাল এইদৰে ৰাখিছিল; যথা— দীঘলিটিঙৰ পৰা প্ৰতি শনিবাৰে জোঁকতলীলৈ তেওঁৰ অহা, আৰু এসপ্তাহলৈ খেতি-পথাৰ ঘৰ-বাৰী চলোৱাৰ দিহা পোহা কৰি দি প্ৰতি সোমবাৰে আকৌ জোঁকতলীৰ পৰা দীঘলিটিঙলৈ উভতি যোৱা। তেওঁৰ অনুপস্থিতি কালত, জোঁকতলীৰ ঘৰৰ ঘিলা তেওঁলোকৰ বহুকলীয়া বুঢ়া লগুৱা বাপিৰামৰ তত্ত্বাৱধানত ঘূৰে।

 আজিকালি লগুৱা বুলিলে তুমি আমি যি বুজোহঁক বাপিৰাম লগুৱাৰ কথাত তেনে বুজিলে নিশ্চয় ভুল হ'ব। ইংৰাজ ৰজাই অসমত পুৰুষাণুক্ৰমিক লগুৱা-লিগিৰাৰ প্ৰথা বা দাসত্ব প্ৰথা তুলি দিয়াৰ আগেয়ে গিৰিহঁত আৰু লগুৱা-লিগিৰাৰ মাজত যেনে সম্বন্ধ আছিল, তেনে সমন্ধীয় লগুৱা এই বাপিৰাম। সি যদিও লগুৱা, তথাপি খাটনিয়াৰ পৰিয়ালৰ ভিতৰত সিও এটা কটা-ছিঙা কৰিব নোৱাৰা মানুহ। সকলো বিষয়তে সকলো পিনে খাটনিয়াৰৰ ঘৰেই তাৰ ঘৰ, খাটনিয়াৰৰ মানুহেই তাৰ আপোন মানুহ, যদিও তাৰ নিজা ঘৰ চাওখাটত ল'ৰা তিৰোতা অঙহী-বঙহী দদাই-খুৰাৰ অভাৱ নাছিল। মুঠতে ক'বলৈ গলে, সি চাওখাটত আলহী, জোঁকতলীত গিৰিহঁত; চাওঘাটত বিদেশী, জোঁকতলীত স্বদেশী; ঘৰত নিলগীয়া, পৰত আপোন।

 ওপজাৰ পৰা তিলকাক বাপিৰামে তুলি-তালি ডাঙৰ দীঘল কৰিছিল। তাৰ মানত তিলকা আইদেও, তাৰ নিজব তেজ মঙহৰ পুতেক চাওখাটৰ দুখীৰামতকৈও সাতছাৰ। তাৰ মন পালাপাঞ্চাত এফালে তিলকাক আৰু আনফালে দুখীৰামক তুলি সি জুখি চাই দেখিছে যে, তিলকা দুখীতকৈ