পৃষ্ঠা:সুৰভি.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৪)

আছিল। তাই তেনেকুৱা অৱস্থাত কিয় ইমান দুখৰ কাম কৰিবলৈ আহিছে বুলি তাইক সোধাত তাই ক'বলৈ ধৰিলে।

 "হজুৰ! মোৰ দুখৰ কথা কি কম, কলে ওৰ নপৰে। কপালৰ লিখন কোনেও খণ্ডাব নোৱাৰে। আল্লাৰ মৰ্জি। আল্লাই মোক সৰুতে আই বোপাই- ককাই ভাই বন্ধু-বান্ধৱ ঘৰ-বাৰী সকলোৰে পৰা বঞ্চিত কৰিলে; বঞ্চিত কৰিলে মানে কিজানি হজুৰে ভাবিছে, তেওঁলোক মৰি-হাজি ঢুকাল। সি নহয়; মই হে তেওঁলোকৰ মানত মৰি-হাজি ঢুকালো। কেনেকৈ তেনে হ'ল, মই কওঁ শুনক। --

 "আমাৰ ঘৰ বৰ্দ্ধমান জিলাৰ বামুণ গাঁৱত। আই বোপাই ককাই ভাই ধন ধান্যৰে আমাৰ ঘৰ জয়-জয় ময়-ময় আছিল। গাঁৱৰ ভিতৰত মোৰ বোপাই সকলো বিষয়তে বৰমূৰীয়া আছিল। কিন্তু তেওঁৰ স্বভাৱটো অতি উগ্ৰ আছিল দেখি গাঁৱৰ ভিতৰৰ সৰহখিনি মানুহে তেঁওক ভাল নেপাইছিল। আমাৰ ঘৰ মানুহ ধন বিতেৰে চহকী দেখি আমাৰ দুখীয়া বঙহ-পৰিয়াল বিলাকেও আমাৰ শ্ৰী সহিব নোৱাৰি সদাই আমাক খিয়াল কৰিছিল। পিতাদেৱে কাৰো ওচৰত সৈমান হৈ নচলি কাকো গ্ৰাহ্য নকৰি লোকৰ মনৰ সেই ভাবটো আৰু দ কৰি দিছিল।

 "আমাৰ গাঁৱব ওচৰত ঘৰচেৰেক মছলমান মানুহ আছিল। আমাৰ পথাৰৰ খেতি-বাতি আদি কামত আৰু ৰূপ-বান বাঢ়িলৈ ধাৰে নিয়া আদি বিষয়ত সততে সিহঁতে আমাৰ ঘৰ মানুহক উপাসা-ভৰসা কৰি চলিছিল। মোৰ এতিয়াও ভালকৈ মনত পৰে, মই তেতিয়া সাত বছৰীয়া ছোৱালী। এদিন মই আমাৰ ওচৰ চুবুৰীয়া সমনীয়া ছোৱালী জনীচেৰেক সৈতে কাকো নোকোৱাকৈ মনে মনে মছলমান এঘৰত ঈদ চাবলৈ গৈছিলোঁ। আমাক দেখি সেই ঘৰৰ তিৰোতাবিলাকে সন্তোষ পাই আস্ত-ব্যস্ত কৰি বহুৱালে, আৰু "চিমাইৰ পায়স" খাবলৈ দিলে। ছোৱালী মানুহ আমি আগ গুৰি ভাল-বেয়া একো নুগুনি পেট ভৰাই পায়স খাই বৰ ৰঙেৰে ঈদ চাই গধূলি ঘৰলৈ উভতি আহিলো। পিতাদেৱৰ অনেক শত্ৰু; তাৰে ভিতৰৰ কোনোবাই সেই কথা গম পাই, লৰা লৰিকৈ আহি গাঁৱত ৰাষ্ট্ৰ কৰি দিলে যে অমুকৰ জীয়েক নিস্তাৰিণীয়ে মছলমানৰ ঘৰত পায়স খাই আহিছে। লগৰীয়া আন কেইজনী