‘ঠিকনাটো লিখি যোৱা। মই গৈ কৈছো।’ দুবাৰ সুধি বনজ্যোৎস্নাই ঠিকনাটো মনত ৰাখিলে।
‘মোৰ ফটো নালাগে?’ অংকুৰ।
‘মই ঠিকনা দিয়াৰ পাছত তুমি যদি কেতিয়াবা আমাৰ ঘৰলৈ আহা আৰু মোক দেখি তোমাৰ ভাল নালাগে - যদি তুমি আফচোচ কৰিবলৈ আৰম্ভ কৰা কি এজনী ছোৱালীৰ লগত ইমান সময় নষ্ট কৰি কথা পাতিলো - তেতিয়া?’
‘ধেৎ! কেতিয়াও তেনেকুৱা নহয়। কাৰণ মই কেতিয়াও তোমাক লগ কৰিবলৈ নাযাওঁ।’
‘কিয়?’ এইবাৰ আচৰিত হোৱাৰ পাল বনজ্যোৎস্নাৰ।
‘মোৰো ভয় আছে। —মোকো বেয়া লাগিব পাৰে তোমাৰ।’
ঠিক হ’ল, প্ৰথমে বনজ্যোৎস্নাই ফটো পঠাব। সেই ফটো পোৱাৰ পাছত অংকুৰে তাৰ ফটো পঠাই দিব।
ক্ৰমশঃ এক মধুৰ অবাৰ্চীন অনুভূতিত ডুব যাব ধৰিলে বনজ্যোৎস্না। মহানগৰীৰৰ নীলাচল পাহাৰৰ দাঁতিকাষৰীয়া সিহঁতৰ ঠাইখিনিলৈ ইতিমধ্যে বসন্ত আহিছিল।
ফাগুনৰ ৰুক্ষ-ধূলিয়ৰি বতাহে ছিৰিলা-ছিৰিলিকৈ ফালি থৈ যোৱা গছ-গছনিৰ ওপৰত বৰষুণ পৰিছিল এজাক দুজাককৈ। খিৰিকীৰ কাষত বহিলে মাজে মাজে সেমেকা শীতল বতাহে হাড়লৈকে কঁপাই গৈছিল।
ঋতু পৰিৱৰ্তনৰ এই বিচিত্ৰ সময়খিনিয়ে বনজ্যেৎস্নাৰ মনতো সিঁচি দিছিল বিচিত্ৰ কিছু আবিৰ, মন মতলীয়া কৰা কিছু সুগন্ধ।
বৰষুণৰ শব্দ, মেঘৰ গাজনি আৰু বতাহৰ ৰুৱনিৰ শব্দ শুনি খিৰিকীৰ কাষত ঘন্টাৰ পাছত ঘন্টা পাৰ কৰি দিয়া বনজ্যোৎস্নাই এদিন নিচেই পুৱাতে কুলিৰ মাত শুনিলে। ক’ৰবাত পাতৰ আঁৰত লুকাই কুলিয়ে বিনাইছে - কু..... উ.... কু...... উ
গোটেই দিনটো কুলিৰ বিনন্দীয়া মাতটো বুকুত লৈ ফুৰিলে ছোৱালীজনীয়ে। বগা গোলাপৰ মাজত ফটোৰ বাবে মাকৰ কেমেৰাৰ সন্মুখত থিয় দিয়াৰ সময়তো বনজ্যোৎস্নাৰ বুকুৰ মাজত বিনাই আছিল কুলিৰ মাতটোৱে।
সৰুকৈ কেমেৰাৰ শব্দ – হ’ল – ‘ক্লিক’।
দুদিনৰ পাছত বনজ্যোৎস্নাৰ ফটোখন বগা খাম এটাৰ ভিতৰত সোমাল। ফটোখনতো ব্যাপ্ত হৈ আছিল নেকি কুলিৰ এটা সুৱদি আকুল মাত!
ফটোখন পোৱাৰ দিনা উৎসাহী শুনা গ’ল অংকুৰৰ কণ্ঠ - ‘কি ভীষণ ধুনীয়া তুমি বনজ্যোৎস্না! ৰিকুৱে কৈছে তোমাৰ চকু দুটা নীলা পখিলাৰ নিচিনা। মোৰ কিন্তু ফটোখন হাতত লৈ এনে লাগিছে তুমি যেন দেখি আছা। আচ্ছা, তুমি ফটোখনত মন মাৰি আছা যে ইমান! যেন বান বিধ্বস্ত মানুহ। ৰিফিউজি কেম্পত আছা।’
‘তুমি ক’ত দেখিলা বান বিধ্বস্ত মানুহ?’
‘দেখিছো আৰু –। মেঘালয়ত থাকো যদিও আমি প্ৰতি বছৰে অসমলৈ দুবাৰকৈ যাওঁ। উজনি অসমৰ শিৱসাগৰ, তেজপুৰ, লক্ষীমপুৰলৈও গৈছো মই। তুমি অসমৰ চব