পৃষ্ঠা:সমাজ-কথা.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


ভুলোৱা—ফুলো ফুলো হোৱা মন্দাৰ কলিৰ হাঁহি। কিন্তু পুৰুষজনে গোপালক নামাতি আকৌ আপোন মনে বীণা বাদন কৰি গীত জুৰিলে —

“তোমাৰ মায়ায়ে হৰি
কপট গুণক ধৰি
মুহি আছে আমাক সমূলি।
গুচ'য়োক মায়া স্বামী
তোমাৰ চৰণে আমি
ভজিলোহোঁ জয় জয় বুলি।”

 গোপাল বিভোল হল, আৰু তেওঁৰ চকু জুৰিয়ে পুৰুষৰ মুখ-পদ্ম চুহিব ধৰিলে। গীত শেষ হলত পুৰুষজনে মাত লগালে —“জাঁতত দিয়া মাহবোৰ জাঁতৰ হেঁচাত পৰি দুফাল হয়, ডোখৰ ডোখৰ হয়, গুড়ি হয়, কিন্তু তাৰে কেইটামান জাঁতৰ শলাডালৰ আশ্ৰয়ত ৰক্ষা পৰে; সংসাৰী লোকৰ অৱস্থাও তদ্ৰুপ—সৰহ ভাগ সংসাৰ চক্ৰত পৰি লালোডিঙা হয়, জনচেৰেকে আকৌ শলাৰূপী ঈশ্বৰৰ আশ্ৰয় লৈ হেলাৰঙে সংসাৰত জয়ী হয়। বাৰু কোৱাচোন. উৎপত্তি হলে বিনাশ নহয় নে? আৰু তুমি নিজে নমৰিম বুলি কব পাৰা নে?”

 পুৰুষজনৰ কথা শুনি গোপাল আচৰিত, স্তম্ভিত আৰু মোহিত হল আৰু লগতে পত্নী-শোক মনত জাগি উঠিল। তেতিয়া তেওঁ কাকূতি ভাবে সুধিলে—“দেব, আপুনি দেৱতা নে মানব?”

৫৭