পৃষ্ঠা:সমাজ-কথা.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২ )


 গোপালৰ বি, এ, পৰীক্ষ দিয়া সংবাদ লাহে লাহে গোটাই কামৰূপ বিয়পিল; বিশেষকৈ যিবিলাক স্বজাতীয় কন্যাদায়গ্ৰস্থ সিবিলাকৰ লৰা-ছোৱালীয়েও গোপালক জনা হল।

 মাধৱ বৰুৱা গুৱাহাটীৰ এজন ডাঙৰ হাকিম। গোপালে এফ, এ, পৰীক্ষা দিয়াৰেপৰা মাধৱ বৰুৱাৰ কমললোচন উকীলৰ লগত বৰ ভাব। দিনটোৰ ভিতৰত ৰাতিপুৱা হওক বা গধূলাই হওক এবাৰ দুয়োৰো ভিতৰ ত দেখা দেখি নহলেই নহয়। মাধব বৰুৱাৰ এজলাচলৈ যি মোকৰ্দ্দমাৰেই কোমললোচন উকীল হৈ যাওক তেওঁৰ জয় অৱশ্যম্ভাৱী।

 গোপাল কলিকাতাৰপৰা আহি দিন চেৰেক মোমায়েকৰ ঘৰত থাকি তেওঁৰ গাৱঁলৈ গল। গোপাল গাৱঁলৈ যাব বুলি গাৱঁৰ মানুহে নাভাবিছিল—ভাবিছিল গোপাল এতিয়া ডাঙৰ মানুহ,ডাঙৰ মানুহৰ লগত সম্বন্ধ কৰিব, ডাঙৰ কাম কৰিব আৰু নগৰত ঘৰ দুৱাৰ কৰি থাকিব— তেওঁলোকৰ লগত গাৱঁত থাকিব কিয়? গোপালে যেতিয়া গাৱঁৰ মানুহৰ আগত তেওঁক পূৰ্ব্বৰ সাতামপুৰুষীয়া ভিঠাত থকাৰ কথা উলিয়ালে গাৱঁৰ মানুহ আচৰিত হল। আৰু সকলোৱে লগলাগি

তেওঁৰ ঘৰ-দুৱাৰ বান্ধি দিলে।

৪০