পৃষ্ঠা:সন্তমালা.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সন্তমালা। আত্ম তত্ত্ব পাইল। সংশয় গুছিল। তক্ষকে দংশিল। জীৱ নিস্তৰিল। কলি আগমন। জানি মুনিগণ। নৈমিষাৰ বন। কৰিলা গমন। ভৰি অধৰ্ম্মক। আচৰি যজ্ঞক। দেখিলা সুতক। সুধিলা তত্ত্বক। মনুষ্য কলিত। তৰিব কিমত। ওনা মুনি মৃত। কৈয়ো তাৰ হিত! পাচে মুনি সুত। কৈলা ভাগৱত। পৃথিবীত ৰক্ত। ভৈল এহিমত। একলি যুগত। ধৰ্ম্ম কেন মত। হোৱে পদাহত। শুনা তাৰ মত। প্ৰকৃতিৰ পৰ। অব্যক্ত ঈশ্বৰ। মায়া অন্ধকাৰ। অজ্ঞানী নৰৰ। প্ৰত্যক্ষ ঈশ্বৰ। নেদেখি বৰ্বৰ। সংশয় বিস্তৰ। ভৈলন্ত তাহাৰ। বেদ তত্ত্ব সাৰ। নুবুজয় আৰ। • ধৰ্মৰ বিচাৰ। | কৰে পৰিহাৰ। | দেহা অতিমানি। পৰাত্মা নাজানি। পৰকাল ৰাণী। অত্যক মানি।