পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
স্বৰ্গীয় সত্যনাথ বৰাৰ


ককালত হাত দি সুপক্ক মুৰটি আগ বঢ়াই গম্ভীৰ সুৰে কবলৈ ধৰে। বক্তৃতাৰ মাজে মাজে চাপৰি পৰে আৰু সজ সজ শব্দ হয়।

 তাত বক্তাই ন বোৱাৰী সম্বন্ধে বক্তৃতা কয়, শাই আয়ে ভাবে “সেই জনী বোৱাৰী বেয়া। ভাতৰ ভতুৱা। তাই, অকাজ ভাগী, অবালচন্দ, আলাবাদু, তাই আকৰী, আজলী, লেতেৰী, তাই শাকিনী, হুতাশনী, কুলক্ষণী, তাই বাৰ বছৰতে পেট টেঙ্গৰী, তাই কথা কলে ভঙ্গা ঢোলত কোব মাৰে। কিন্তু শাহুৱে যদি বোৱাৰীক নিজৰ জীৰ নিচিনা মৰম কৰে, পেট বুজি খুৱাই, গা বুজি পিন্ধায়, শক্তি বুজি কাম কৰায়, নিজে মিঠা মুখে মাতি বন্দিবেটীক টান কথা কবলৈ লায় নিদিয়ে তেনেহলে বোৱাৰী গৃহস্থালিৰ লক্ষ্মী- স্বৰূপা হয়।” সেইদৰে স্ত্ৰীশিক্ষা সম্বন্ধে বক্তৃতাত কয় যে, আমাৰ মানুহে ভাবে “পঢ়িলে ছোৱালী ৰচকী আৰু লাহতী হয়, নিকা কাপোৰ নহলে মলিয়ন কাপোৰ নিপিন্ধে, আখলত তেলীচাই লাগিলে চাবোন খাৰণি লগায় আৰু উপন্যাস পঢ়ে আৰু বাতৰি কাকত পঢ়ে ইত্যাদি। দুপৰীয়া ডাঙ্গৰীয়া ওলাই গলে বৰুৱানী, ফুকননী, ৰাজখোৱানী, ভূঞানী, বৰানী আদি কৰি চুবুৰিত যিমান নী আছে আটাইবোৰ, ভকতনী বাই নামতী বাই আদি কৰি যতবিলাক বাই আছে আটাইবোৰ লগ লাগি বিৰাট সভা পাতি কাৰ নাকটো খৰা কাৰ চুলি এবেগতীয়া ইত্যাদি কথা পাতে।”