পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
জীৱন-চৰিত।


অলপকে নুবুজিছিলোঁ, কিন্তু তেওঁ প্ৰেচিডেন্সি কলেজত পঢ়া বাবে আৰু বুদ্ধি বলেৰে এক মাহৰ ভিতৰতে ভালকৈ বুজি উঠিছিল।

 মহেন্দ্ৰনাথ মৰাত আমিয়ো দুখ বেজাৰ পাই আৰু ভয়ত কেইজনমানে পঢ়াশুনা এৰি ঘৰলৈ ফিৰি অহাৰ প্ৰস্তাব কৰি টালি-টোপোল বান্ধিছিলোঁ। ৺সত্যনাথ বৰাই মনত ভয় নাৰাখি ঘৰলৈ উলটি আহিবলৈ কোনো ভাব প্ৰকাশ নকৰিলে।

 সিটি কলেজ স্থাপন কৰোঁতেই উমেশচন্দ্ৰ দত্ত বুলি এজন গ্ৰেজুয়েট প্ৰিন্সিপাল হৈ আহে। এওঁৰ যত্ন আৰু উদ্যোগত সিটি কলেজে লাহে লাহে উন্নতি কৰিবলৈ ধৰিলে। ইংৰাজীৰ প্ৰফেচাৰ শ্ৰীযুত হেড়ম্বচন্দ্ৰ মৈত্ৰ এতিয়াও জীয়াই আছে। ইয়াৰ অঙ্ক পঢ়োৱা আধা আধি প্ৰফেচাৰ স্বৰূপ আছিল ৺ আনন্দমোহন বসু। ইংৰাজী পঢ়োৱা, প্ৰফেচাৰ আছিল ৺ ঠাকুৰেন্দ্ৰনাথ বানাৰ্জ্জি। এওঁবিলাকৰ শিক্ষা আৰু সজ গুণত ৺ সত্যনাথ বৰায়ো সিটি কলেজত পঢ়াৰেপৰা অমায়িক গুণ শিকিছিল আৰু তেনে আচৰণো কৰিছিল।

 সিটি কলেজত দুই বছৰ পঢ়ি মই আৰু ৺সত্যনাথ বৰাই এফ-এ পৰীক্ষা পাচ কৰি বি-এ ক্লাচলৈ আহিলোঁ, কিন্তু সিটি কলেজত তেতিয়া বি-এ ক্লাচ নোখোলা বাবে তেওঁ আৰু মই সেই কলেজ এৰি আন কলেজত পাঢ়িলোঁ। তেওঁ ইতিহাস বৰ ভাল পাইছিল আৰু পঢ়িছিল। বি-এ দুই বছৰ পঢ়ি