তেওঁ কোনোখন সভাতে অনুপস্থিত থকা নাছিল। উজান বজাৰৰ পৰা ভৰলুমুখলৈ সদাই খোজ কাঢ়ি সভাত উপস্থিত হবলৈকে আহিছিল। তেওঁ সভাত দিয়া মতামত যুক্তিপূৰ্ণ আৰু কাৰ্য্যকৰি আছিল। সত্যনাথ বৰাই সময়ে সময়ে ৰসিকতা কৰিব পাৰিছিল। যিদিনা আসামৰ ৰাজনীতিজ্ঞ পুৰুষ ৺ মাণিকচন্দ্ৰ বৰুৱা গুৱাহাটীত জীৱনলীলা সামৰিবলৈ মুঠতে মাথোন কেইঘণ্টামান বাকী আছিল, তেতিয়া কমিচনাৰ কৰ্ণেল পি, আৰ, টি, গৰ্ডনে তেওঁক চাবলৈ গৈ বৰুৱা কেনে আছে বুলি বাহিৰতে খবৰ ললে। ৰায় বাহাদুৰ কণকলাল বৰুৱা, সত্যনাথ বৰা, নবকুমাৰ বৰুৱা, ডাক্তৰ আৰু কেইজনমান মানুহ উপস্থিত আছিল; ডাক্তৰ জন ভিতৰলৈ গৈ ৰোগীক চাই আহি বৰ চিন্তান্বিত হৈ কলে, “যদি strength ৰাখিতে পাৰা যায়, তবে বাচলে বাচতেও পাৰে” মাণিক বৰুৱাৰ সেই অৱস্থাত সকলোৱে বিমৰিষ হৈ আছিল, ডাক্তৰ জনৰ এনে অৰ্থশূন্য প্ৰবোধ বাক্যবোৰত সত্যনাথে ঘপ্কৰে গহীন কৈ উত্তৰ দিলে, “কিয় এনেকৈ নকয় কেলৈ, যদি পৰমায়ু আছে জীয়াই থাকিব পাৰে”। সত্যনাথৰ এনে কথা শুনি কমিচনাৰকে আদি কৰি সকলোৱে বিমৰ্ষ অৱস্থাতে খিল্খিলাই হাঁহি পেলালে। সত্যনাথ বৰাক এদিনাখন এজন মানুহে কলে, “মই আজি ভাটীবেলা আপোনাৰ তালৈ যাব খোজোঁ”। তাৰ উত্তৰত বৰাই কলে, “গলেও যাব পাৰা”। মানুহজনে কিন্তু তেখেতৰ