পৃষ্ঠা:সতীৰ তেজ.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আজি মই অসমৰ ৰজা। ই মোৰ বাহুবলত নহয়, মন্ত্ৰীৰ মন্ত্ৰণাত নহয়, ই জয়াৰ অলৌকিক সতীত্ব-প্ৰভাবত। আজি অসমৰ প্ৰত্যেক নৰ-নাৰীৰ হৃদয়ত জয়াৰ অলৌকিক শক্তিৰ প্ৰতিবিম্ব, গছ-লতা,মাটি-পানী— সকলোতে জয়াৰ আলোকময় সৌন্দৰ্য্য। অসমৰ ৰাণী জয়া, নাৰীৰ আদৰ্শ জয়া, আহোম গৌৰৱৰ অনন্ত আলোক জয়া, মোৰ জীৱনৰ ধ্ৰুবতৰা জয়া। জয়া! জয়া! জয়া!

( আঠু কাঢ়ে, আৰু স্থিৰ দৃষ্টিৰে শৃষ্ঠলৈ চাই থৰ হয়। কিছু সময় তেনেকৈ থকাৰ পাচত পট পৰিবৰ্ত্তন হয়, জেৰেঙ্গ পথাৰৰ দৃশ্যৰ ঠাইত জয় সাগৰৰ এখন ছায়াময় পট তেওঁৰ চকুৰ আগে দি ভাহি যায়। তাকে চাই চাই)

মই দিব্য দৃষ্টিৰে দেখিছোঁ, এই জেৰেঙ্গ পথাৰ আৰু, শ্মশান নহয়, জয়াৰ অমৰ নাম লৈ ই অমৰ তীৰ্থ। সৌৱা ভগীৰথৰ বিনা আহবানত ভাগীৰথী নামি আহিছে, শ্মশানৰ ভয়ঙ্কৰ বুকত বিশাল সাগৰে ভুমুকি মাৰিছে, সুশীতল বাৰিধাৰাই জয়াৰ কৰুণাৰ্দ্ৰ হৃদয়ৰ স্নেহধাৰা উদ্বেলিত কৰিছে। তাৰ পাৰত সুৰম্য মন্দিৰ সতীৰ অতুলনীয় কীৰ্ত্তিৰ জীৱন্ত মূৰ্ত্তি। জয়া আজি দেবী, জয়াৰ নামত শঙ্খঘণ্টা বাজি উঠিছে, লক্ষ লক্ষ নৰ-নাৰীয়ে জয়াৰ উদ্দেশ্যে কুসুমাঞ্জলি লৈ অপেক্ষা কৰিছে। সোণৰ সিংহাসনত বহি জয়াই মোৰ সকলোকে আশীৰ্ব্বাদ কৰিছে।