পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৩
সটীক নামঘোষা

ভৰা ভয়লগ কলিকালত হৰিনাম লোৱাৰ বাহিৰে ধৰ্ম্মৰ অন্যান্য পন্থাৰে মুক্তি লাভ কৰিব নোৱাৰি। [হৰিনাম শ্ৰৱণ-কীৰ্ত্তনেই কলিকালৰ মুক্তি লাভৰ একমাত্ৰ উপায়।]

[ ২৬৮ ]

ঘোৰ কলিযুগে যত ধৰ্ম্ম কৰ্ম্ম
সবে কৰিলেক দূৰ।
যিজনে কেৱল হৰিনাম লৱে
 পুৰুষ সিটো চতুৰ।

 মিছা, প্ৰবঞ্চনা, কাম ক্ৰোধ আদিয়ে পূৰ্ণ ভয়লগা কলিকালত তপ, জপ, যাগ, যজ্ঞ আদি যত ৰকমৰ ধৰ্ম্ম-কৰ্ম্ম আছে, সকলোবোৰ বিফল অৰ্থাৎ সেইবোৰ নিয়মমতে আচৰণ কৰিব নোৱাৰি বাবে তাৰ কোনো এটাইও আজি-কালি শুভ ফল দিব নোৱাৰে। কলিকালৰ নিমিতে হৰিনামেই উপযোগী; কিয়নো তাক লবলৈ কোনো ধৰা বন্ধা নিয়ম নহলেও হয়। সেই কাৰণে যি মানুহে আন ধৰ্ম্ম-কৰ্ম্ম এৰি একান্তমনে কেৱল হৰিনামকে লয়, তেৱেঁই বুধিয়ক৷

[ ২৬৯ ]

বিষয় সম্বন্ধ ইন্দ্ৰিয়ৰ সুখ
 সমস্ত যোনিত পায়।
পৰম দুৰ্ল্লভ হৰিৰ ভকতি
 মনুষ্যত পৰে নাই॥