পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭০
সঙ্গীত-কোষ।

 কাবৌ কৰে কত ডেকা
 ভৰিতে ইংৰাজী জোতা
মুৰত মজাৰ সেওঁতা ফলা
 উৰ্ম্মালে আতৰ॥
 কত জনে খাটে মােক,
 পিন্ধি টুপি ঠেঙ্গা কোট,
কত বাবুই কৰে আহি আদৰ সাদৰ॥
 সত্যনাথ বৰা, বি, এল্‌।

২১

পিলু দাদ্‌ৰা।

কথাত নমজে মতা
 তেন্তনাে তয় কি ৰচকী,
মিছাতে লচ্‌ পচাৱ,
 ৰমক্‌ জমক্‌ কাচন কাচি।