পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৭৪ )

লাথি হানি ভাঙ্গিলা তাহাৰ টেলিঘৰ।
শ্ৰীৰামৰ আগে গৈয়া কৈলা কপিবৰ॥৭৪০
শুনি ৰামে আদেশ কৰিলা চতুৰ্দ্দিশে।
বৃক্ষ শিলা ধৰি যন্তায়ো নিঃশেষে॥
আজ্ঞা শুনি ৰামৰ বেঢ়িয়া দিল ৰুলি।
কিচ্‌ কিচ্‌, কুক্‌ কুকি ভৈল যুদ্ধস্থলি॥৭৪১
শুনি ৰাৱণৰ ভয় গৰ্ব্ব গৈল গলি।
আদেশিল ৰাক্ষস কটক আগে চলি॥
কাণ্ডে খাণ্ডে যাঠী জোং শৱদ আন্দোল।
উভয় সৈন্যৰ যুদ্ধ ভৈগৈল তুমুল॥৭৪২
প্ৰাঞ্চিত চৰিয়া ৰাক্ষসক ধৰি মাৰে।
ৰাক্ষসে বান্দৰ মাৰি অশুক বিচাৰে॥
এহি মতে উভয়ৰ ভৈল ধুমাজয়।
শুনিয়ো যুগল যুদ্ধ কহো যেন নয়॥৭৪৩
ইন্দ্ৰজিত অঙ্গদৰ ঘোৰ যুদ্ধ ভৈল।
জম্বুমালী হনুৰ দুৰ্ঘোৰ মিলি গৈল॥
সুগ্ৰীৱ সহিতে যুদ্ধ ভৈল প্ৰজঙ্ঘৰ।
বজ্ৰ মুষ্টি ৰাক্ষসক মৈন্দ বীৰবৰ॥৭৪৪
এহি মতে যুগলৰ ভৈল যুদ্ধ যত।
ৰাম দেৱ জিনিল ৰাক্ষস ভৈল হত॥


কলি-জয়ধ্বনি।  প্ৰাঞ্চি-প্ৰাচীৰ, গড়
টোলিঘৰ-চৰাঘৰ।