পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৬১)

সুৰ সিদ্ধ নাগ যাক তৰতৰি মান।
হেন বীৰ নাহি আগে থিৰ হুইবে তান॥
আবৰ দেখিয়ো ৰাঘৱৰ বাম পাশে।
সঘনে লঙ্কাক চাই ক্ৰোধ মনে আছে॥ ৬৭৮
এহি বিভীষণ ৰাজা তোমাৰ কনিষ্ঠ।
ৰাজ্য দিলা ৰামে চিন্তে তোমাৰ অনিষ্ট॥
হেৰ দেখিযোক লক্ষ্মণৰ বাম পাশে।
মেঘৰ সদৃশ যাৰ শৰীৰ প্ৰকাশে॥৬৭৯
বানৰৰ ৰাজা তেন্তে সূৰ্য্যৰ নন্দন।
সাতো পৃথিবীৰ জড়াই আছে কপিগণ॥
ৰামৰ পৰম ইষ্ট বালিৰ কনিষ্ঠ।
এহেন্তে সুগ্ৰীৱ চিন্তে তোমাৰ অনিষ্ট॥৬৮০
এহি বীৰ সকল জানিবা মহাশয়।
লঙ্কাপূৰী ৰসাতল নিবেক নিশ্চয়॥
তোমাক লাগিবা ৰামে কৈলা বীৰ বাক।
যি গৰ্ব্বত থাকি মোৰ হৰিল সীতাক॥৬৮১
সিটো বলবীৰ্য্য মোৰ আগে দৰশোক।
শিৰ ছেদি বলি দেও ৰণচণ্ডী খাউক॥
আমি দুই হিত কহোঁ ৰাজা গুণিয়োক।
দুৰ্গতি তাৰিৱা যেবে শীঘ্ৰ শুনিয়োক॥৬৮২
গলে ছাল বান্ধি সীতা মাথাত কৰিয়ো।
ৰাঘবৰ পাশে নিয়া তাহা অৰ্পিয়ো॥