পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৬
৺শঙ্কৰদেৱ।

শঙ্কৰ হেন গুৰু  জানিবাহ নিষ্ট
 সবাতে কহোঁ বচন।
কোন থানে বঞ্চো  হৰি ভক্ত সমে
 কৰিলা পাচে গমন॥ ৯১১
এহি খানে আমি  নিবাস কৰিবো।
 কহিলোঁ সবাতে কথা।
ভক্তগণ সমে কাষ্ঠ বন কাটি
 থান বান্ধিলও তথা॥
ঘৰসিয়া এড়ি  সেহি থানে গৈয়া
 কীৰ্ত্তন ঘৰ বান্ধিলা।
মণিকূট সাজি ঈশ্বৰ থাপিল।
 লোকত দেখায়া লীলা॥৯১২
আপুনাৰো থান ভকতৰো থান
 তিৰি লগীয়াৰ হাটী৷
শ্ৰৱণ কীৰ্ত্তন সততে কৰয়
 ভক্তে কৰি পৰিপাতি॥
বিষ্ণু বৈষ্ণৱ যে  নিবাস কৰিলা
 বিষ্ণুপুৰ নাম থৈলা।
মহাপুৰুষৰ আসন খাপিয়া
 সবে সেৱা কৰি ৰৈলা॥ ৯১৩