নিজ-জন লৈয়া সঙ্গে, দেৱীক পূজিলা ৰঙ্গে,
চিৰকাল দেৱী তুষ্ট ভৈলা॥
সিবেলাত মহেশ্বৰী, ষোড়শ ভুজক ধৰি,
ভদ্ৰকালী ৰূপে দেখা দিলা।
তাঙ্ক দেখি মহাবীৰে, প্ৰণমিয়া জানু শিৰে,
নম্ৰ হুয়া বুলিবে লাগিলা।
সপোনত খড়্গ-ঘায়, মোৰ মাথা কাটি যাই,
পিলা তুমি শোণিতক ৰাগে।
পূৰ্ব্বে মুনি কাত্যায়নে, সাপি আছে সিকাৰণে,
তুমি মোক বধিবাক লাগে॥
জানিলোঁহি নিজ পাপে, পাইলে আসি সেহি শাপে,
নাশ-কাল মিলিলা আমাৰে।
অৱশ্যে মাৰিবা মোক, জানি নকৰোঁহো শোক,
দৈৱক বাধিবে কোনে পাৰে॥
বাপে আৰাধিয়া হৰ, মোৰ অৰ্থে লৈলা বৰ,
ময়ো তাঙ্ক ভজিলোঁ যতনে।
তিনি মন্বন্তৰ কালে, ভোগ ভুঞ্জিলোঁহো ভালে,
ইলোঁ ইন্দ্ৰ ই তিনি ভুবনে॥
প্ৰাৰ্থিবাক লাগি আন, নাহি মোৰ কিছুমান,
কিন্তু দুই বৰ মাগোঁ আই।
যৱে সূৰ্য্য থাকে তাৱে সেৱা ৰৌক তযু পাৱে,
যজ্ঞ-ভাগ লভিবোঁ সদাই॥
দেৱী বোলে সমৰত, এহিবাৰ হুয়া হত,
স্থান পাইবা মোৰ চৰণত