১৴৹
১৯০৯ খৃষ্টাব্দত মই কলিকতাৰ কলেজত পঢ়োঁ। তেতিয়াই ভট্টাচাৰ্য্য মহাশয়ে এই গ্ৰন্থ সম্পাদন আৰু ছাপা কৰিবলৈ মোলৈ পঠিয়াই দিয়ে। সেই সময়ত ইয়াৰ পাঁচটা ফৰ্মা ছাপা হল।
তাৰ পাছত যি প্ৰেছত ইয়াক ছপোৱা হৈছিল সেই প্ৰেছৰ অধিকাৰীৰ কিছুমান বিপদ হল। এনেতে ময়ো কলিকাতাৰ পৰা আহিলোঁ। আগৰ ছাপা হোৱা আৰু নোহোৱা কিতাপৰ সকলো খিনি অংশ প্ৰেছৰ পৰা পাবলৈ বৰ টান হল।
কিন্তু ভট্টাচাৰ্য মহাশয়ৰ অধ্যৱসায়ৰ গুণত কোনো প্ৰকাৰে আজি একৈশ বছৰৰ মূৰত এই গ্ৰন্থ সম্পূৰ্ণকৈ প্ৰকাশ হৈ উঠিল।
সম্পাদনৰ আন অনেক ত্ৰুটিৰ ভিতৰত তলত উল্লেখ কৰা কথা দুটা বিশেষকৈ মোৰ মনত লাগি আছে।
প্ৰথম,—মুঠে এখান হাতে লিখা পুথিৰপৰা ইয়াৰ নকল তৈয়াৰ কৰা হৈছে। সেইখন পুথিও বহুদিনীয়া নহয়। গতিকে ভাষা আৰু শব্দগত পাঠান্তৰ তুলনা কৰিবৰ সুযোগ হোৱা নাই।
দ্বিতীয়তে, এই গ্ৰন্থৰ প্ৰথম পাঁচ ফৰ্মাৰ টীকা আদি ২১ বছৰ পূৰ্বে লিখা; আৰু বাকী খিনি