দ্বিতীয় মাহাত্মত মহিষাসুৰৰ দুৰ্দান্ত প্ৰতাপাদিৰ কথা আছে, কিন্তু জন্ম বিবৰণ নাই। সেই বাবে কবিয়ে তাত তাক সুমাই দিছে। যেনেঃ—
শুনিয়োক আৰ কহিবো দুৰ্গাৰ
অদভূত চৰিত্ৰক।
ৰম্ভা নামে এক পূৰ্ব্বে আছিলেক
দৈত্য সিটো অপুত্ৰক। ইত্যাদি।
এনে দৰে যত যি কথা নাই অথচ আৱশ্যকীয়, কবিয়ে তাত সেই কথাবিলাক সুমাই দি গ্ৰন্থখন সাধাৰণ পাঠকৰ অধিগম্য কৰি তুলিছে।
যি দৰে কোনো কথা যোগ দিয়া হৈছে, সেই দৰে মূলৰ কিছু কথা সংক্ষেপ কৰিও লিখা হৈছে। এই সংক্ষেপ কৰাত কবিয়ে বিচক্ষণ বিবেচনাৰ পৰিচয় দিয়া দেখা যায়।
অনুবাদৰ বাহিৰে কবিয়ে অলপ অলপ যি নিজা পদ লিখিছে, সিও প্ৰাঞ্জল আৰু কবিত্ব পূৰ্ণ।
যেনেঃ—পূৰ্ণিমাৰ চন্দ্ৰ জিনি মুখে ধৰে কান্তি।
তাতে প্ৰকাশয় দন্ত মুকুতাৰ পান্তি॥
উন্নত কঠিন পীন শোভে দুই স্তন।
কামৰ চাবুক বাৰি কামুকৰ ধন॥
তাৰ ভৰে হালে যেন খীণ মধ্য কায়।
বহল নিতম্ব দেশ অধিক শুৱাই॥