পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

নিবেদন

 আধ্যাত্মিক ভাব, তাৰ উপযোগী মাৰ্জিত ভাষা আৰু স্বৰ্গীয় ৰাগ থকা প্ৰাচীন গীতক আমি বৰগীত বোলোঁ। অসমত পোনপ্ৰথমে শ্ৰীমন্তশঙ্কৰদেৱে এই বৰগীত ৰচনা কৰে। তেৰাৰ পাছত শ্ৰীশ্ৰীমাধৱদেৱ, শ্ৰী শ্ৰীগোপালদেৱ, ৰামচৰণ ঠাকুৰ, দৈত্যাৰি ঠাকুৰ, যদুমণিদেৱ, লক্ষ্মীকান্ত আতা আদিয়ে বহুতো বৰগীত ৰচনা কৰি গৈছে। অনেক অপ্ৰধান কবিয়েও আকৌ নিজে গীত ৰচি বহুল প্ৰচাৰৰ আশাৰে শ্ৰীমন্তশঙ্কৰ আৰু শ্ৰী শ্ৰীমাধৱদেৱৰ ভণিতা দি গৈছে।

 “বৰগীত” নামৰ পুথিত শ্ৰীমন্তশঙ্কৰদেৱৰ মাত্ৰ ৩৪ টা বৰগীত পোৱা যায়। বৰগীতৰ পুথিত প্ৰভুৰ এই বৰগীত ১ৰ পৰা ২৮ লৈকে ক্ৰমিক লিখা হৈছে। বাকী ৬ টা বৰগীত ১৮৩ ৰ পৰা ১৮৮ লৈকে নম্বৰ দি পুথিৰ মাজত দিছে। প্ৰাচীন লিখক সকলে কি কাৰণে এইদৰে বৰগীতবোৰ পুথিৰ ভিতৰত সন্নিবেশিত কৰিছিল, সেইবিষয় আমি এইবাৰ আলোচনা কৰিবলৈ চেষ্টা নকৰিলোঁ। আমাৰ প্ৰকাশিত পুথিত পাছৰ গীত কেইটাৰ তলে তলে পুথিৰ বৰগীতৰ সংখ্যা উল্লেখ কৰি থলোঁ মাত্ৰ।

 দলগোমাৰ (গোৱালপাৰা) শ্ৰীমান গোবিন্দ চন্দ্ৰ দাসৰ পৰা আৰু সুন্দৰীদিয়া সত্ৰৰ ৺ দীননাথ অধিকাৰী দেৱৰ পৰা দুখন সাঁচীপতীয়া “বৰগীত” সংগ্ৰহ কৰিছিলোঁ। দলগোমাৰ বৰগীতখন প্ৰায় আঢ়ৈশ বছৰৰ পুৰণি! দুয়োখন পুথি মিলাই বানানত