পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

আন এজনা সঙ্গী, অনন্ত কন্দলীৰ পিতা ৰত্ন পাঠক এজনা সুপ্ৰসিদ্ধ ভাগৱতী পণ্ডিত আছিল। কন্দলীয়ে তন্ত্ৰীকুল-কমলৰ মধুকৰ দলৈৰ ভাগৱত প্ৰীতিৰ কথা বহুতো লিখি শেষত এইদৰে লিখিছে:—

“শ্লোক সংস্কৃতে আমি লিখিবাক ভাল জানি
তথাপি কৰিবো পদবন্ধ।
স্ত্ৰী শূদ্ৰ আদি যত জানোক পৰম তত্ত্ব
শ্ৰৱণত মিলয় আনন্দ।”
(১৭৮৫৭ শ্ৰীমদ্ভাগৱত)

 শ্ৰীমন্ত শঙ্কৰৰ সময়ত মহাৰাজ নৰনাৰায়ণৰ সভাত, পুৰুষোত্তম বিদ্যাবাগীশ, পীতাম্বৰ সিদ্ধান্তবাগীশ, কণ্ঠভূষণ আদি পণ্ডিতেৰে অলঙ্কৃত আছিল। গুৰু-চৰিতবোৰতো সৰস্বতী, কলাপ, কেশৰী, তৰ্কবিদ্যাপতি, আচাৰ্য, কন্দলী, মিত্ৰ, উপাধ্যায়, ভাৰতী, মিশ্ৰ, ভট্টাচাৰ্য্য, সাৰ্ব্বভৌম ভট্টাচাৰ্য্য আদি উপাধিৰ বহু পণ্ডিতৰ নাম দেখা যায়। এইবোৰৰপৰা প্ৰমাণ হয়—এই সময়ত, দেশৰ উচ্চ শ্ৰেণীৰ মাজত জ্ঞানৰ চৰ্চা আৰু মাজে মাজে ভাগৱতৰ আলোচনা আছিল। কিন্তু দেশত নানা অনাচাৰ আৰু ধৰ্ম্মৰ গ্লানি হোৱা দেখি, তেওঁলোকৰ বহুতে ভাগৱত-তত্ত্বৰ শাস্ত্ৰবোৰ নিজৰ ভিতৰতে আলোচনা কৰিছিল আৰু তাৰ ফলত জন সাধাৰণৰ মাজত পৰিবৰ্ত্তনৰ ভাব জাগি