পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩)

বিকৃততন্ত্ৰৰ মত সোমায় আৰু কিছুমান তান্ত্ৰিক বৌদ্ধ হৈ উঠে। বৌদ্ধদেৱী মহাপ্ৰতিচাৰাৰ পূজা বৌদ্ধৰ ভিতৰত চলিবলৈ ধৰে। ইয়াৰ উপৰি কিছুমান বৌদ্ধই, ভাগৱত শিক্ষা আংশিক পৰিমাণে লৈ পূৰ্ণধৰীয়া আদি সম্প্ৰদায় সৃষ্টি কৰে। এইবোৰকেই দেখি মহাপুৰুষ শ্ৰীমাধৱদেৱে লিখিছে—

অন্ন যোনি কিছু নকৰে বিচাৰ
জাতি কুল ভৈলা ভ্ৰষ্ট।
বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয়
বেদ পথ কৰি নষ্ট॥ (২৯৫, নামঘোষা)

 শ্ৰীশ্ৰীহৰিগুৰু চৰিত আহোম ৰজাৰ ওচৰত শ্ৰীশ্ৰীহৰিগুৰুৰ বিপক্ষে গোচৰ দিয়া সম্বন্ধে লিখিছে—

“কিবা মন্ত্ৰ কৰি মোহি আছে সৰ্ব্বজন।
টোপলীয়া ভাত নাখে—এহিসে কাৰণ॥”
(৭৭ দিবাকৰ দ্বিজ)

ৰামৰায় দ্বিজে শ্ৰীশ্ৰীদামোদৰ চৰিতত লিখিছে—

“ৰজত নাপিত ধোবা ক্ষত্ৰ বৈশ্য শূদ্ৰ।
ইত্যাদি জাতিৰ কিছু নাছিলন্ত ছিদ্ৰ॥
 X X  X
শিৱ দুৰ্গা গ্ৰামদেৱ পূজয় সতত।
হৰিভক্তি কৰন্তা নাহিকে ই ৰাজ্যত॥”