পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মহাপুৰুষ

শ্ৰীমন্ত শঙ্কৰদেৱ

[ চমু জীৱন চৰিত ]

⸻:০:⸻

 আজিও যি মহাপুৰুষৰ নাম উত্তৰ-পূব ভাৰতৰ এমূৰৰপৰা আনমূৰলৈকে কোটি কোটি মানৱৰ আকুল প্ৰাণত ধ্বনিত

১ আৰম্ভণ

  হৈছে, আজি যাৰ গুণনাম গাৱেঁ গাৱেঁ আই

  মাতৃসকলে নানাসুৰে গাই আনন্দ কৰে আৰু বিশেষকৈ আলিপুখুৰী, গাংমৌ, বেলগুৰি, চিনপৰা, পাটবাউসী, বেহাৰ আদিৰ পৱিত্ৰ তৃণ, তৰু, চৰাই, চিৰকতি, পশুৱে আজিও যাৰ নাম স্মৰণত আনন্দাশ্ৰু বিসৰ্জ্জন কৰি আছে, আৰু যাৰ গুণ-কৰ্ম্ম ৰূপৰ মনোহৰ মূৰ্ত্তি ধ্যান কৰি আজিও ইমানবিলাক নাৰায়ণ মূৰ্ত্তি, কোটি কোটি ভক্তৰ পদৰেণুৰে পূত, সত্ৰ তীৰ্থবোৰত গোট খাই আনন্দ কৰে, তেওঁৰেই নাম লৈ জয় জয়তে “জয় গুৰু শঙ্কৰ” বুলি তেওঁৰে চমু জীৱন কথা আৰম্ভ কৰিলোঁ।