পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৪)

 এইদৰে পুত্ৰ ৰামানন্দ, আৰু শিষ্য, প্ৰশিষ্য সকলোকে উপদেশ দি—

“উত্তৰক মুখে কৃষ্ণ-ৰূপক ধিয়াই।
ছাৰিলন্ত দেহ ৰাম-কৃষ্ণ নাম গাই॥
ভকতে চৌপাশে হৰিধ্বনি কৰিলন্ত৷
ৰত্নময় বিমানে শঙ্কৰ চলিলন্ত॥
দিব্য চতুৰ্ভুজ ৰূপে কৰন্ত প্ৰকাশ।
নানাবিধ বাদ্যচয় বাজয় চৌপাশ॥”৪৪৭

 শ্ৰীমন্ত শঙ্কৰদেৱে নিজৰ প্ৰচাৰিত মত সুপ্ৰতিষ্ঠিত কৰিবলৈ ঠায়ে ঠায়ে নানা গ্ৰন্থ ৰচনা কৰে; সকলোতকৈ পাটবাউসীতে শ্ৰীমন্ত শঙ্কৰৰ অমূল্য গ্ৰন্থবোৰ বেচিকৈ গ্ৰন্থ ৰচনা কৰিছিল। শ্ৰীশঙ্কৰৰ উদ্দেশ্য আছিল বোধকৰোঁ গোটেই উত্তৰ-পূব ভাৰতত তেওঁৰ মত প্ৰচাৰ কৰা; সেই কাৰণে তেওঁৰ অঙ্কীয়া নাটবোৰ মৈথিলী শব্দবহুল বুলি অনুমান হয়। আন গ্ৰন্থবোৰৰ ভাষাও প্ৰায় গঙ্গালৈকে সকলোৱে বুজিব পৰা। তেওঁৰ ৰচিত গ্ৰন্থ এতিয়ালৈকে তলত লিখা কেইখন পোৱা হৈছে—

 কীৰ্ত্তনঘোষা, ভাগৱত [ ১ম, ২য়, ৩য় (অনাদি পাতন), অজামিল উপাখ্যান (৬ষ্ঠ), প্ৰহ্লাদ চৰিত (৭ম), অমৃত মথন, বলিছলন (৮ম), হৰিশ্চন্দ্ৰ উপাখ্যান, আদ্য দশম, কুৰুক্ষেত্ৰ ( শেষ দশম ), ১১ শ আৰু ১২ স্কন্ধ ] নিমিনৱসিদ্ধ, ৰামায়ণ ( উত্তৰাকাণ্ড ), ৰুক্মিণী হৰণ (কাব্য), ভক্তি ৰত্নাকৰ