পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৭)

 শ্ৰীশঙ্কৰে পাটবাউসীত অহৰ্নিশে, নিৰ্গুণ কৃষ্ণৰ গুণ প্ৰকাশৰ অৰ্থে তেওঁৰ সঙ্গীসকলৰ সৈতে হৰি নাম শ্ৰৱণ-কীৰ্ত্তন কৰি সকলোকে আনন্দত আত্মহাৰা কৰিবলৈ ধৰিলে। পাটবাসী শ্ৰীকৃষ্ণৰ ২য় বৃন্দাবন হল; হৰিনাম ৰস গোবিন্দৰ প্ৰেম অমৃতৰ নদী উজনী-ভাটীলৈ বব ধৰিলে। শ্ৰীশ্ৰীমাধৱদেৱ, শ্ৰীশ্ৰীদামোদৰদেৱ, শ্ৰীশ্ৰীহৰিদেৱ আৰু শ্ৰীশ্ৰীনাৰায়ণ ঠাকুৰে হৰি নামৰ ফল চাৰি পুৰুষাৰ্থৰ পতাকা লৈ হৰি-ভক্তি দান কৰি সকলোকে সংসাৰ-সিন্ধুৰপৰা উদ্ধাৰৰ ব্যৱ কৰিব ধৰিলে।

 এই সময়ত চান্দচা নামে এজন হৃষ্ট-পুষ্ট বলী অহঙ্কাৰী মুছলমান দৰ্জীৰ ওপৰত শ্ৰীশঙ্কৰৰ কৃপা দৃষ্টি পৰাত তেওঁ

২৪ মুছলমান চান্দচা আৰু
গাৰো গোবিন্দৰ আশ্ৰয় লাভ

সৌম্য মূৰ্ত্তি শ্ৰীগুৰুৰ আশ্ৰয় লাভ কৰে। গাৰো জাতীয় গোবিন্দ নামৰ

এজনেও শ্ৰীশঙ্কৰৰ ধৰ্ম ধৰি তেওঁৰ সঙ্গত থকা হয়। এইদৰে শ্ৰীশঙ্কৰে হিন্দু-মুছলমান-পাহাৰী সকলো জাতিৰ মাজত হৰিনাম বিলাই প্ৰায় গোটেই উত্তৰ-পূব ভাৰতক একসূত্ৰত বান্ধি সাম্য-মৈত্ৰীৰ বীণাৰ ঝঙ্কাৰ তুলি ঘোষণা কৰিলে—“নাহি ভকতিত জাতি আচাৰ বিচাৰ।” আৰু প্ৰচাৰ কৰিলে—“সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি।” এই শিক্ষাৰ ফলতেই প্ৰভুৰ সেৱকসকলৰ ভিতৰৰপৰা অস্পৃশ্যতা মহাপাপ দূৰতো বিদূৰ হল—মানৱ মাত্ৰেই ভাই আৰু নাৰায়ণ মূৰ্ত্তি বুলি পৰস্পৰে পৰস্পৰক