পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰদেৱ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৬)

নামাতিয়া ৰৈল পাচে থমকি নিচুকি। শ্ৰীকৃষ্ণ শঙ্কৰ বুলি মেলিলেক মুখ, বৈকুণ্ঠপুৰত গৈয়া পাইলা মহাসুখ॥” পোহাৰীৰ গতি দেখি মহেন্দ্ৰ কন্দলী, সৰ্ব্বজয় আদিয়ে খল খল কৰি হাঁহিবলৈ ধৰিলে। শ্ৰীশঙ্কৰে বলৰাম, সৰ্ব্বজয় আদিক পঠাই খৰি কিনি অনালে আৰু শ্ৰীগুৰুৱে নিজ হাতে চিতা সাজি ভকতসকলৰ সৈতে হৰিধ্বনি কৰি পোহাৰী বুঢ়ীৰ শ সৎকাৰ কৰিলে। ইয়াৰ পাচত প্ৰভু শ্ৰীক্ষেত্ৰলৈ যাত্ৰা কৰে। এইদৰে তীৰ্থ পৰ্য্যটন কৰোঁতে প্ৰভূৱে বহুত ঠাইত বহুতো একান্ত ভকতক শৰণ দিবলগীয়া হৈছিল।

 শ্ৰীশঙ্কৰে যাত্ৰা কৰা দিনৰে পৰা দুমাহ একৈশ দিনৰদিনা গঙ্গা পাইছিল, তাৰ পাচত গয়া আৰু তাৰ পাচত শ্ৰীক্ষেত্ৰ পায়। শ্ৰীক্ষেত্ৰত কিছু দিন থাকি সীতাকুণ্ড, বৃন্দাবন, উত্তৰ বাহিনী গঙ্গা আৰু তাৰ পাচত বৰাহক্ষেত্ৰ পায়। এই সময়ত তেওঁৰ বয়স ৪০ বছৰ৷

 বৰাইক্ষেত্ৰৰপৰা প্ৰয়াগ, কাশী, তাৰ পাচত মথুৰা পায়। মথুৰাত প্ৰায় ছ মাহ বাস কৰে। ইয়াৰ পাচত প্ৰভুৱে পুষ্কৰ তীৰ্থ দৰ্শন কৰি দ্বাৰকা পায়। দ্বাৰকাত কেইমাহ মান থাকি পুনৰ বৃন্দাৱন আৰু গোকুল পায়হি। বৃন্দাবন আৰু গোকুলত প্ৰভু বহুদিন থাকে। শ্ৰীমন্ত শঙ্কৰৰ গোকুল লীলা ভক্তসকলৰ অতি প্ৰিয়।

 শ্ৰীশঙ্কৰে বাৰ বছৰ কাল ভাৰতবৰ্ষৰ নানা তীৰ্থ পৰ্য্যটন কৰি বটদ্ৰৱালৈ ঘূৰি আহে। প্ৰভুক পাই জ্ঞাতি, মিত্ৰ