সমললৈ যাওক

পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
শ্ৰীবৎস চিন্তাৰ বনবাস।


স্তুতিপুৰ্ণ বাক্যে সুৰ্জ ভৈলেক প্ৰসন্ন।
মায়াঁ দেহ দিয়া মোক কহিলা তেখন॥ ৩৩৫
কুৰুপ ভৈলন্ত তেবে মোৰ সুলক্ষণ।
লভিবোহো এহিক্ষণে কৰিলে স্মঁৰণ॥
সুনিলাহা পিতৃদেব জ্বৰাৰ ভাৰতী।
দুখ শুনি কান্দিলন্ত বাহু নৰপতি॥ ৩৩৬
তুমি সতী পতিব্ৰতা পতি অনুৰতা।
ত্ৰিভুবনে ঘোষিব তোমাৰ যস বাৰ্তা॥
তদন্তৰে স্মঁৰণ কৰিলা চিন্তা সতী।
সুন্দৰ আকৃতি ভৈলা জেন চন্দ্ৰকান্তি॥ ৩৩৭
বাহু ৰাজা বোলে ডোলা আনহ তৰিতি।
চিন্তা বোলে পদব্ৰজে জাইবোঁ সম্প্ৰতি॥
অনন্তৰে পসিলন্ত স্বামিৰ বসতি।
চৰণে পৰিয়া তুতি কৰে চিন্তা সতী॥ ৩৩৮
সস্নেহ কতাক্ষে ৰাজা উথিতাৱক্ষণে।
বসাইলা বাম পাষে নিজ সিংহাসনে॥
প্ৰেমালাপে অধিৰ আনন্দ দুইজন
ঘনে ঘনে বদন চুম্বঁন আলিঙ্গন॥ ৩৩৯
সৰ্য্য়াত সুতিয়া ৰৈলা শ্ৰীবৎস্‌ ৰাজন।
চিন্তা ভদ্ৰা পদসেবা কৰে ৰঙ্গ মন॥
নানাহাস্য নানাৰলৈ পুলকিত মন।
মহানন্দে কৰিলন্ত ৰজনী বঞ্ছঁন॥ ৩৪০